অৰুণাচলী যুৱকে সাজি উলিয়ালে পি পি ই কীট

0 241

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ এজন যুৱক। যুৱকজনৰ নাম চানফু ৱাংচু। অৰুণাচল প্ৰদেশৰ লংদিং জিলাৰ ল’কখো গাঁওৰ এইগৰাকী যুৱকজনে পাৰ্চনেল প্ৰটেকশ্যন কীট(পি পি ই) প্ৰস্তত কৰি উলিয়াইছে।
 
 
উল্লেখযোগ্য যে ইতিমধ্যে চানফু ৱাংচুৱে এই কিটটো নামৰ  ক’ৰণাত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত দিনে নিশাই অহৰ্নিশে ব্ৰতী হৈ থকা চিকিৎসা কৰ্মী সকলৰ বাবে জিলা উপায়ুক্ত চেষ্ঠা যাদৱৰ হাতত অৰ্পণ কৰিছে। লগতে চানফু ৱাংচুয়ে নিজে প্ৰস্তুত কৰি উলিওৱা ১৫০খন মাস্ক  জিলা উপায়ুক্ত গৰাকীকঅৰ্পণ কৰিছে।
 
 
উল্লেখযোগ্য যে চানফু ৱাংচুয়ে বজাৰত উপলব্ধ হোৱা প্লাষ্টিক আৰু অন্যান্য সামগ্ৰীৰে এই পি পি ই কীট সমূহ প্ৰস্তুত কৰি উলিয়াই। ইতিপূৰ্বে চানফু ৱাংচুয়ে তেওঁ থকা জিলাখনৰ দুখীয়া ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়াকৈ টিউশ্যন কৰাৰ কথা ঘোষণা কৰি সংবাদৰ শীৰ্ষ শিৰোনাম দখল কৰিছিল।

২৫বছৰীয়া অৰুণাচলী যুৱক চানফু ৱাংচুয়ে জনহিতাৰ্থে কৰা এই কৰ্মত মুগ্ধ হৈ জিলা উপায়ুক্ত চেষ্ঠা যাদৱে কয় যে, মই অৰুণাচল প্ৰদেশৰ যুৱপ্ৰজন্ম, স্বেচ্ছাসেৱী সংস্থা আৰু সামাজিক সংস্থা সমূহৰ ক’ৰণাৰ বিৰুদ্ধে দেখুওৱা সজাগতামূলক পদক্ষেপক লৈ সন্তুষ্ট আৰু উৎসাহী হৈছো।
 
স্মৰ্তব্য যে ভাৰতত ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজাৰ বাবে বিভিন্ন সংস্থাৰ লগতে আই আই টি সমূহে নিজৰ নিজৰ উদ্ভাৱনেৰে চৰকাৰ আৰু প্ৰশাসনক সহায় কৰি আহিছে।

Leave A Reply

Your email address will not be published.