লক ডাউনৰ মাজতে মাস্ক প্ৰস্তুতত ব্যস্ত সমাজসেৱী সোণমনি ৰাজকুমাৰী

0 723

সম্প্ৰতি ক’ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা লক ডাউনৰ মাজতে বহু লোক ব্যস্ত হৈ পৰিছে নিজৰ পছন্দৰ কামত। সোণাৰিৰ লংপতীয়া অঞ্চলৰ সমাজসেৱী মহিলা সোণমনি ৰাজকুমাৰীও  চিলাই তথা এম্ব্ৰইডাৰীৰ কামত ব্যস্ত হৈ আছে।
 
শেহতীয়াকৈ এইগৰাকী সমাজসেৱী মহিলা সোণমনি ৰাজকুমাৰীয়ে সহযোগী সংগীতা বৰুৱাৰ সৈতে ব্যস্ত মাস্ক প্ৰস্তুতৰ কামত ব্যস্ত হৈ পৰিছে।উল্লেখযোগ্য যে লক ডাউনৰ প্ৰথম পৰ্যায়তে বিজ্ঞানসন্মত ভাৱে মাস্ক প্ৰস্তুত কৰি শতাধিক লোকক বিনামূলীয়াকৈ বিতৰণ কৰিছে । ইয়াৰ পাছত পুনৰ সাপেখাতি উন্নয়ন খণ্ডৰ অধীনত প্ৰস্তুত কৰি সেৱামূলক নিদৰ্শন দেখুৱাইছে।আনহাতে সমাজসেৱী মহিলাগৰাকীৰ সাংবাদিক স্বামী মিতুপৰ্ণ গগৈয়ে এই ক্ষেত্ৰত সহায় কৰা বুলি জানিবলৈ দিছে।
খবৰ যুগুতালে চৰাইদেউৰ পৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.