বিশ্ব পৰিবেশ দিৱস উদযাপন

0 333

যোৰহাট জিলাৰ টীয়ক কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ উদ্যোগত তথা বেচৰকাৰী সংস্থা ৰেঙনি এটি আশাৰ সহযোগত বিশ্ব পৰিবেশ দিৱস দুদিনীয়া কাৰ্যসূচীৰে উদযাপন  হৈছে।উক্ত কাৰ্যসূচীৰ অংশ হিচাপে কালি কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সমীপত ড° ভূপেন হাজৰিকা মুকলি প্ৰেক্ষাগৃহৰ চৌহদত প্ৰায় শতাধিক ফলমূল,ঔষধি গছৰ পুলি ৰোপণ কৰে।
 
 
 
উক্ত গছপুলি ৰোপণ কাৰ্যসূচীত কলিয়াপানী আঞ্চলিক পঞ্চায়ৰ সভানেত্ৰী পূণ্য কোঁচে এটি বকুল পুলি ৰোপণ কৰি শুভাৰম্ভ কৰে আৰু সমগ্ৰ কাৰ্যসূচীত বামুণপুখুৰী পঞ্চায়তৰ সভানেত্ৰী ৰেখামণি ভট্টাচাৰ্য্য ৰেঙণিৰ সঞ্চালক বিজু কুমাৰ শৰ্মা,যুৱ সমাজকৰ্মী ভাস্কৰ ৰৌমুৰীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.