নৰ্থ ইষ্ট ইউনাইটেডৰ লগত চুক্তিবদ্ধ হৈছে আন এগৰাকী অসম সন্তানে

0 526

দৰিদ্ৰতা কেতিয়াও সফলতাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় হ’ব নোৱাৰে। একান্ত সাধনাই মানুহক উন্নতিৰ চৰম শিখৰলৈ লৈ যায়। তেনে এক উদাহৰণ নবীন ৰাভা। বকো বন্দাপাৰৰ এখন অতি সৰু গাও খাতাজুলিৰ এটা দুখীয়া পৰিয়ালৰ ল’ৰা নবীন ৰাভা।
 
 
দুৰ্গা বড়ো, হলিৰাম নাৰ্জাৰী আৰু এলেন দেউৰী নহয় এইবাৰ ইণ্ডিয়ান ছুপাৰ লীগত অসমৰ হকে খেলিব আন এগৰাকী অসম সন্তান তথা সুদক্ষ খেলুৱৈ নবীন ৰাভাই। এইগৰাকী অসম সন্তানে তিনি বছৰৰ কাৰণে  নৰ্থ ইষ্ট ইউনাইটেডৰ লগত চুক্তিবদ্ধ হৈছে। নবীন ৰাভাৰ এই সাফল্যই পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজক  আনন্দিত কৰি তুলিছে।

Leave A Reply

Your email address will not be published.