বাঘজানৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী

0 257

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান গেছ কুপত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত আলোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কাইলৈ বাঘজানৰ ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
 
 
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে অইল ইণ্ডিয়া লিমিটেডক বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়াই আহিছে। ঘটনাৰ পূৰ্বে তিনিচুকীয়া জিলা প্ৰশাসনে বাঘজানবাসী ৰাইজক  শিবিৰলৈ স্থানান্তৰকৰণ কৰা বুলি জানিবলৈ দিয়ে। ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক সৰ্বোচ্চ ক্ষতিপূৰণ দিবলৈও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে।
 
ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে ইতিমধ্যে জিলা প্ৰশাসনে স্থাপন কৰা মুঠ ১২টা সাহাৰ্য শিবিৰত সৰ্বমুঠ সাত হাজাৰ লোকে আশ্ৰয় লৈ আছে। ইয়াৰ লগতে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ সমূহৰ বিষয়েও কয় সঞ্জয় কৃষ্ণই।
 
 
ক্ষতিগ্ৰস্ত পৰিয়াল বোৰৰ এটা সমীক্ষা চলাই আছে জিলা প্ৰশাসনে। বৈঠকৰ মাজতে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি তাত উপস্থিত থকা অইল কৰ্তৃপক্ষ আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে মত বিনিময় কৰে । বাঘজানৰ সকলো পৰিস্থিতিয়ে তীব্ৰগতিত সমাধান কৰিবলৈও নিৰ্দেশ দিয়ে আৰু সকলো পৰিস্থিতিতে কেন্দ্ৰই সহায় সহযোগিতা আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.