বীৰ শ্বহীদক সোঁৱৰণ মুখ্যমন্ত্ৰীৰ

0 253

অসমৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰা শ্বহীদ কুশল কোঁৱৰৰ আজি মৃত্যু তিথি। স্বাধীনতা সংগ্ৰামত দেশমাতৃৰ হকে যুঁজ দি প্ৰাণ ত্যাগ কৰা কুশল কোঁৱৰক সুঁৱৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অনুষ্ঠিত হয়।
 
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে স্বাধীনতা আন্দোলনত যেনেদৰে কুশল কোঁৱৰে সাহসেৰে আগুৱাই গৈছিল সেই সাহসে প্ৰতিগৰাকী জনসাধাৰণকে অনুপ্ৰাণিত কৰি তুলিব। বীৰ শ্বহীদ গৰাকীয়ে নিজৰ দেশৰ হকে কৰা এই মহান ত্যাগক প্ৰতিজন অসমীয়াই অদুৰ ভৱিষ্যতলৈ মনত ৰাখিব। তেখেতৰ এই ত্যাগ উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা উৎস হৈ থাকিব। আজি এই অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মুক্তি যুঁজাৰু কৃষ্ণ লহকৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.