জি আই এইচ এমত হোটেল মেনেজমেণ্টৰ শিক্ষা প্ৰদান

0 358

উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট চমুকৈ জি আই এইছ এম গুৱাহাটীৰ উদ্যোগতহোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজীৰ ১০ দিনীয়া অনলাইন চাৰ্টিফিকেট পাঠ্যক্রমৰ শিক্ষা প্ৰদান কৰা হ’ব৷ শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ তথা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে জানিব দিয়া মতে এই পাঠ্যক্ৰম গ্ৰহণ কৰি সেইসকল বিশেষ ভাবে উপকৃত হ’ব যিসকলে ইতিমধ্যে হোটেল খণ্ডৰ লগত জড়িত হৈ আছে কিন্তু ইয়াৰ লগত সংগতি থকা কোনো পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰা নাই৷ এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহীসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৪০০০ এই দুটা ফোন নম্বৰ অথবা ই-মেইল gihm.ghy@gmail.com ত যোগাযোগ কৰিব পাৰিব ৷

Leave A Reply

Your email address will not be published.