ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলাৰ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়, হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু নাৰায়ণপুৰ স্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য পাঠশালাৰ বজালী মহাবিদ্যালয়, হোজাইৰ হোজাই মহাবিদ্যালয় আৰু লখিমপুৰৰ নাৰায়ণপুৰ মহাবিদ্যালয়ক ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ক’ভিড১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কাৰণে ছাত্ৰ ছাত্ৰী সকলে বহুখিনি অসুবিধাৰ সন্মুখীন হৈ পৰিছে। যাৰ বাবে এই ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নিৰ্দেশৰ বাবে ছাত্ৰ ছাত্ৰী সকলে এই তিনিওখন বিশ্ববিদ্যালয়তে উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি কৰিব পাৰিব।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon