পলাশবাৰীত বিধায়ক প্ৰণৱ কলিতাৰ জনসম্পৰ্ক অভিযান

0 234

ৰাজ্যজুৰি সমষ্টিয়ে সমষ্টিয়ে শাসকীয় বিজেপি দলে আজিৰ পৰা শুভাৰম্ভ কৰিছে ‘জনসম্পৰ্ক অভিযান ২০২০”ৰ কাৰ্যসূচী। দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, কৃষান মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্য নিৰ্বাহক সদস্য লক্ষ্যধৰ তালুকদাৰ, জিলা পৰিষদৰ সদস্যা তৰালী তালুকদাৰকে ধৰি কেইবাগৰাকীও বিজেপি কৰ্মীক লগত লৈ দলীয় নিৰ্দেশনা অনুসৰি পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতাই উপৰহালী গাঁও পঞ্চায়তৰ ৬৩ নং বুথত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। গাঁৱখনৰ দহটা পৰিয়ালৰ ঘৰে ঘৰে গৈ সামাজিক দূৰত্ব বজাই ৰাখি জনসম্পৰ্ক অভিযান কাৰ্যসুচীৰ সবিশেষ জানিবলৈ দি পৰিয়াল সমূহৰ সৈতে আলোচনাত মিলিত হয়। আনহাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এয়া সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ একপ্ৰকাৰ আৰম্ভণী বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.