শিৱসাগৰত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতিৰ বৈঠক

0 243

যোৰহাটৰ লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতি (দিশা)ৰ এক বৈঠক অনুষ্ঠিত হয়।বৈঠকত সাংসদ গৰাকীয়ে জিলাখনত ৰূপায়ন হৈ থকা বিভিন্ন জন হিতকৰ আৰু উন্নয়নমুখী আঁচনিৰ অগ্ৰগতিৰ বিস্তৃত ভাৱে বুজ লয়। আলোচনা কালত সাংসদ গৰাকীয়ে আঁচনি সমূহৰ ক্ষিপ্ৰ ৰূপায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
 
 
জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত পৰ্য্যালোচনা কালৰ আৰম্ভণিতে সাংসদ তপন কুমাৰ গগৈয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ন হৈ থকা কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ পৰ্য্যালোচনা কালত যিসমূহ আঁচনিৰ কাম কাজ অসম্পূৰ্ণ হৈ আছে, সেই সমূহৰ কাৰক সমূহৰ বিষয়ে বিতং প্ৰতিবেদন দাখিল কৰিবলৈ খণ্ড উন্নয়ন বিষয়া সকলক নিৰ্দেশ দিয়ে।
 
 
তেওঁ পঞ্চায়ত পৰ্য্যায়ত ৰূপায়িত হৈ থকা কাম কাজৰ অগ্ৰগতিৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি সকল সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পোষকতা কৰে। তেওঁ লগতে সংশ্লিষ্ট বিভাগসমূহৰ লগত সু-সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ প্ৰতিটো পঞ্চায়তত একোখনকৈ গ্ৰন্থাগাৰ, জিম তথা সংগীত বিদ্যালয় নিৰ্মাণৰ দৰে কাম হাতত ল’বলৈও আহ্বান জনায় যাতে ইয়াৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মৰ শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনত অৰিহণা যোগাব পাৰে।
 
 
 
বৈঠকত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতি (দিশা) ৰ সহ-সভাপতি তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই আঁচনি সমূহ হাতত লোৱাৰ ক্ষেত্ৰত এই সমূহৰ ব্যৱহাৰিক আৰু বিজ্ঞান ভিত্তিক দিশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিবলৈ কয়।বৈঠকত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নিৰ্মানৰত অসম্পূৰ্ণ ঘৰ সমূহ পৰৱৰ্তী দিশাৰ বৈঠকৰ পূৰ্বে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
 
 
 
সাংসদ গগৈয়ে বৈঠকত জিলাখনৰ অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোট সমূহৰ কাম-কাজৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ লগতে বিদ্যালয় সমূহৰ আন্তঃগাঁথনি, শিক্ষকৰ সংখ্যা, বিদ্যায়তনিক স্থিতি, পাঠ্যপুথি আৰু মধ্যাহ্ন ভোজনৰ যোগান আজি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। শিক্ষক সকলে সপ্তাহত অন্ততঃ দুদিনকৈ হ’লেও নিজ নিজ বিদ্যালয়লৈ গৈ বিদ্যালয়সমূহ চাফ চিকুণ কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।
 
 
বৈঠকত ৰূপহীমুখ আৰু অফলা অঞ্চলত চলি থকা গৰাখহনীয়া সমস্যাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উৰ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ জিলা জলসম্পদ বিভাগক বৈঠকত নিৰ্দেশ দিয়া হয়।বৈঠকত জিলাখনৰ পুৰণি কীৰ্তিচিহ্ন সমূহ বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি সংশ্লিষ্ট চৰকাৰী বিভাগ সমূহৰ লগত যোগাযোগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া সকলক জিলাখনৰ পুৰণি কীৰ্তিচিহ্ন সমূহ বেদখলৰ স্থিতি সন্দৰ্ভত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়।
 
 

 

আজি দিশাৰ বৈঠকত অন্যান্য বিভাগৰ লগতে জনস্বাস্থ্য কাৰিকৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, গড়কাপ্তানী, এন এইচ আই ডি চি এল, সমাজ কল্যাণ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, অসম শক্তি বিতৰণ নিগম লিমিটেড, অসম ৰাজ্যিক পৰিবহন বিভাগ, ভাৰত সঞ্চাৰ নিগম লিমিটেড, বন (টেৰীটৰিয়েল আৰু সামাজিক বনানিকৰণ), জলসিঞ্চন, পশুপালন আৰু পশুচিকিৎসা, কৃষি, ৰেচম, পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা, ভূমি সংৰক্ষণ আদি বিভাগৰ আঁচনি আৰু কাম কাজৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হয়।
 
 
বৈঠকত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ, নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতৰ লগতে খণ্ড উন্নয়ন বিষয়া সকল, আঞ্চলিক পঞ্চায়তৰ সভাপতি সকল আৰু সংশ্লিষ্ট বিভিন্ন বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.