অভয়াপুৰীয়া কিশোৰৰ চমক-সাজি উলিয়ালে ৰিমৰ্ট কন্টোলৰ নাও

0 398

মনৰ উদ্যমক পৰিস্থিতিয়ে কেতিয়াও তলাব নোৱাৰে।দৰিদ্ৰতা সফলতাৰ হেঙাৰ হ’ব নোৱাৰে।আপ্ত বাক্য কেইশাৰীক প্ৰমান কৰি দেখুৱালে অভয়াপুৰীৰ ডুমেৰগুৰী এজন কিশোৰে।মকলেছুৰ ৰহমান নামৰ কিশোৰ জনে স্ব চিন্তাৰে এখন ৰিমট কন্টোলৰ নাও সাজি উলিয়াইছে।
 
 
কিশোৰজনে পেলনীয়া সামগ্ৰীয়ে এই বিশেষ নাওখন সাজি উলিয়াইছে।ইতিমধ্যে আই নদীত নাওখনৰ পৰীক্ষণ সমাপন হৈছে।জানিব পৰা মতে মকলেছুৰে বৰ্তমান ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছে।লকডাউনৰ সময়তে তেওঁ এই নাওখন নিৰ্মাণ কৰি উলিয়াইছে।
খবৰ যুগুতালে অভয়াপুৰীৰ পৰা প্ৰাণজিৎ চৌহানে

Leave A Reply

Your email address will not be published.