আজিৰে পৰা আৰম্ভ হোৱা আনলক প্ৰক্ৰিয়াত কি কি নিদেৰ্শনা আছে

0 380

আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ল আনল’ক-৩। পূৰ্ব দৰে এইবাৰ আনল’ক-৩ বহুতো শিথিলতা অনা হৈছে।সেই অনুসৰি গুৱাহাটীৰ মহানগৰীত সোমবাৰ পৰা পথৰ দুই কাষত দোকান খুলিব পাৰিব।৫০ শতাংশ যাত্ৰীয়ে চিটিবাছ চলাব পাৰিব। চিটিবাছত যাত্ৰা কৰিলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
 
 
আনহাতে নিশা ৯ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ জাৰি থাকিব সান্ধ্যা আইন। আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰতো কোনো বাধা নাথাকিব। ৫০শতাংশ যাত্রীৰে বাছ চলিব পাৰিব।সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, শৈক্ষিক, ধৰ্মীয় আদি অনুষ্ঠানত ৫০ জনতকৈ বেছি লোক উপস্থিত থাকিব নোৱাৰিব।
 
 
চিনেমা হল,পাৰ্ক,ৰাজহুৱা প্ৰেক্ষাগৃহ,ছুইমিং পুল,বাৰ আদি বন্ধ থাকিব।তদুপৰি পূৰ্বৰ দৰেই সপ্তাহৰ দুদিন অৰ্থাৎ শনিবাৰ আৰু দেওবাৰে হ’ব সপ্তাহিক লকডাউন ।

Leave A Reply

Your email address will not be published.