অৱশেষত বি অ’ পি স্থাপন হ’ল বাঘজানত

0 332

প্ৰায় ৮৩ দিন নির্বাপিত হোৱা নাই বাঘজানৰ জুই। জুই নিৰ্বাপন কৰিবলৈ বৰ্তমানেও বিশেষজ্ঞ সকলে অহৰহ প্ৰচেষ্টাৰ অব্যাহত ৰাখিছে। ইতিমধ্যে ৬জনকৈ বিদেশী বিশেষজ্ঞ আৰু ONGC লোকে এই প্ৰচেষ্টা চলায় আছে।
 
 
 
ইয়াৰ মাজতে আহিছে আন এক ভাল খবৰ। বাঘজানৰ ৫ নং খাদত BOP স্থাপন কৰা হৈছে।এই BOP দ্বাৰা সমগ্ৰ খাদটো জুই নিয়ন্ত্ৰণলৈ আনিব পৰা যাব বুলি আশা কৰিব পাৰি। ইতিপূৰ্বেও বিশেষজ্ঞ সকলে BOP স্থাপনৰ প্ৰচেষ্টা চলাইছিল যদিও বিফল হৈছিল।জানিব পৰা মতে BOP প্ৰক্ৰিয়া সমূহৰ লগতে ফিলিং আৰম্ভ হ’ব । BOP স্থাপন কৰা প্ৰক্ৰিয়াই বাঘজানবাসীলৈ আশাৰ বতৰা কঢিয়াই আনিছে।

Leave A Reply

Your email address will not be published.