আৰোহন বিত্তীয় প্ৰতিষ্ঠানৰ সাহাৰ্য সামগ্ৰী বিতৰণ

0 287

যোৱা কিছুদিন ধৰি হোৱা বৰষুণ তথা বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ মাজত আজি বান সাহাৰ্য বিতৰণ কৰিলে আৰোহণ ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডৰ সোণাৰি শাখাই। ক’ভিড ১৯ ৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্ব মানি চলি  বিত্তীয় প্ৰতিষ্ঠানটোৱে সাহাৰ্য বিতৰণ কৰে।
 
 
আৰোহন সোণাৰি শাখাৰ তিনি শতাধিক উপভোক্তাক বান সাহাৰ্য বিতৰণৰ উদ্দেশ্য আজিৰেপৰা পাঁচদিনীয়াকৈ গ্ৰহণ কৰিছে সাহাৰ্য বিতৰণ কাৰ্যসূচী। বিত্তীয় প্ৰতিষ্ঠানটোৰ এই জনমুখী কাৰ্যক উপভোক্তা সকলেও আদৰণি জনাইছে।
 
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.