শ্ৰমিক সকলক সকাহ যোগাইছে মহানগৰীৰ এটা অনুষ্ঠানে

0 213

লকডাউনে সাধাৰণ জনগণক অৰ্থনৈতিকভাৱে বিপৰ্যয়ৰ সন্মুখীন কৰিলে।এই ক্ষেত্ৰত বিশেষকৈ শ্ৰমিক শ্ৰেণীৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে।এনে সময়তে শ্ৰমিক সকলৰ সকাহৰ উদ্দেশ্য আগবাঢ়ি আহিছে মহানগৰী এটা বেচৰকাৰী অনুষ্ঠান। শ্ৰমিক নিৰাপত্তা উন্নয়ন পৰিষদ নামৰ এটা অনুষ্ঠানটোৱে লকডাউনত কৰ্মহীন হৈ পৰা বহু শ্ৰমিকক কৰ্ম সংস্থাপন দিছে।
 
 
 
 
 
উল্লেখযোগ্য যে সম্প্ৰতি তেওঁলোকে ৫০০ নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে।ব্যৱসায় কৰিবলৈ মন মেলা বিভিন্ন লোকক তেওঁলোকে যাৱতীয় সা সঁজুলি প্ৰদান কৰি আহিছে। উদাহৰণস্বৰূপে কাৰোবাক যদি হাঁহ কুঁকুৰা পালনৰ বাবে সুবিধা কৰি দিছে আন কাৰোবাক আকৌ দগা পাল্লা, দা কটাৰী কিনি দি সকাহ যোগাইছে।চাকৰিৰ মহঙা দিনত এই বেচৰকাৰী অনুষ্ঠানটোৱে গ্ৰহণ কৰা পদক্ষেপক সকলোৱে শলাগ লৈছো।

Leave A Reply

Your email address will not be published.