এক ঐতিহাসিক পৰম্পৰা,সমন্বয়ে উজলি উঠিছে জোনবিলৰ পাৰ।ঊল্লেখযোগ্য যে জাগীৰোডৰ সমীপৰ জোনবিল পাৰত কালিলে পৰা আৰম্ভ হৈছে জোনবিল মেলা।গোভা ৰজাৰ সাতামপুৰুষীয়া পৰম্পৰাৰ লগত সংগতি ৰাখি এই মেলাখন অনুষ্ঠিত হৈছে।এই জোনবিল মেলাখনে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছে।কোনো মুদ্ৰাৰে বিনিময়ে নহয় ,কৃষিজাত সা-সামগ্ৰী বিনিময়েৰে একাংশ পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত সমন্বয় সাধন হয়।পূৰ্বৰ পৰম্পৰা অনুসৰি কালিলৈ গোভা ৰজাৰ ৰাজ দৰবাৰ বহিব ।আৰু সেই ৰাজ দৰবাৰত মধ্য অসমৰ তিৱা সম্প্ৰদায় ১৮ জন ৰজাই অংশগ্ৰহণ কৰিব।পৰম্পৰা অনুসৰি আজি জোনবিল পাৰত মাছ মৰা, কুকুৰা যুজ্ঁ অনুষ্ঠিত হয়।মেঘালয়,কাৰ্বি পাহাৰৰ পৰা বিভিন্ন জনজাতি লোকসকলক ভৈয়ামৰ লোক সকলে মামা-মামী বুলি সম্বোধন কৰে।স্মৰ্তব্য যে কালি এই মেলা অন্ত পৰিব।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা