বিশ্ব গঁড় দিৱস দিনাই মুক্তি পাব এশিঙীয়া গঁড়ৰ ওপৰত নিৰ্মিত এখন তথ্যছবি।এই তথ্যছবিখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি প্রাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনে নিৰ্মাণ কৰিছে।
তেখেতে কৰা টুইট অনুসৰি আজি দুপৰীয়া ১ বজাত আৰু নিশা ৯ বজাত এই তথ্যচিত্ৰ খন নেশ্যনেল জিঅ’গ্ৰাফী চেনেলৰ জৰিয়তে সম্প্ৰচাৰিত হ’ব।আনহাতে বিশ্ব গঁড় দিৱসত ভাইৰেল হৈছে ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ বক্তব্য। তেখেতে কয় যে গঁড় সুৰক্ষাৰ বাবেই বেটিং কৰি আছো।