আই আই টি দীক্ষান্ত সমাৰোহত সম্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

0 255

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান গুৱাহাটীৰ ২২ সংখ্যক দীক্ষান্ত সমাৰোহ ভিডিঅ’ কনফাৰেন্স যোগে সম্বোধন কৰি আত্মনির্ভৰশীল ভাৰত আৰু ৰাজ্যখনক আত্মনির্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত প্ৰতিষ্ঠাখনে লোৱা ভূমিকাক শলাগ লয়।
 
 
মুখ্যমন্ত্ৰী চৰকাৰী বাসভৱন পৰা ভিডিঅ’ কনফাৰেন্স যোগে দিক্ষান্ত সমাৰোহ সম্বোধন কৰি প্ৰদান কৰাৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে দীক্ষান্ত সমাৰোহত সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ পৰা ডিগ্ৰী লাভ কৰা কৃতি শিক্ষাৰ্থীসকললৈ আন্তৰিক অভিনন্দন জনোৱা লগতে সুদীৰ্ঘ সময় ধৰি অসমৰ এই মনোৰম প্ৰকৃতিৰ পৰিৱেশত থকা এই সকল শিক্ষাৰ্থীয়ে ভৱিষ্যতেও ৰাজ্যখনলৈ অৰিহণা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।
 
এই প্ৰসংগত ডিগ্ৰী লাভ কৰি শিক্ষাৰ্থীসকলে বিৰল প্ৰতিভা পৰিচয় দাঙি ধৰিছে।ভৱিষ্যতেও এই শিক্ষাৰ্থী সকলে দেশলৈ অৰ্থবহ অৰিহণা আগবঢ়াই যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ঐতিহাসিক অসম চুক্তি ফলশ্ৰুতিত স্থাপিত ভাৰতীয় প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠান ,গুৱাহাটীয়ে বিগত সময়চোৱাত বিদ্যায়তনিক উ এক অন্যতম প্ৰতিষ্ঠান হিচাপে অচিৰেই পৰিগণিত হ’ব বুলি মত প্ৰকাশ কৰে।
সমগ্র বিশ্ব লগতে আমাৰ দেশেও সম্প্ৰতি ক’ভিড-১৯ৰ সৃষ্ট জটিল পৰিস্হিতি মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই যুঁজখনত সম্পূৰ্ণ সন্মুখৰ পৰা নেতৃত্বত দি জনসাধাৰণৰ লগত সমগ্র দেশবাসীৰ মনত এক প্ৰত্যয়ৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান , গুৱাহাটীয়ে ক’ভিড-১৯ ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা যুঁজখনত বিভিন্ন চিকিৎসা সামগ্ৰী উদ্ভাৱন কৰি প্ৰদান কৰা কাৰ্যক শলাগ লয়।
 
মুখ্যমন্ত্ৰীয়ে লগতে বিগত আঢ়ৈ দশকত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান , গুৱাহাটীয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন সম্পৰ্কত ৰাজ্যখনক বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়োৱাৰ দিশটোৰ উল্লেখ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনত বান,খহনীয়া, ভূমিস্খলন,ধুমুহা,ভূমিকম্প ইত্যাদি লেখীয়া দুৰ্যোগসমূহে সমস্যা সৃষ্টি কৰি আহিছে।
 
মুখ্যমন্ত্ৰীয়ে গুৱাহাটীক এক উৎসৰ্গিত জলগৱেষণা আৰু দুৰ্যোগ নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপনৰ বাবেও আহ্বান জনায়। এই দিশত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যথোচিত সহায়,সহযোগিতা আগবঢ়োৱা হ’ব বুলি কয়।
স্বাধীনতা ৭০বছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ বান আৰু গৰাখহনীয়া সমস্যা নিৰাময় বাবে কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানসন্মত তথ্য ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰাকৃতিক দুৰ্যোগ সমূহ ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ দিশত ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান, গুৱাহাটীৰ সহায় সহযোগিতা কামনা কৰে।
প্ৰধানমন্ত্ৰী নেতৃত্বত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন দিশত এক নতুন মাত্ৰা লাভ কৰিছে বুলি উল্লেখ কৰি বৰ্তমান সময়ত উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ, দ্ৰুত ঔদ্যোগিকৰণৰ দিশত যথোচিত পদক্ষেপ লোৱা ফলশ্ৰুতিত উন্নয়নে এক নতুন যাত্ৰাপথৰ সূচনা কৰিছে বুলি কয়। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষী,দেশৰ বিকাশৰ নতুন ইঞ্জিন ইত্যাদিৰে অভিহিত কৰা উপৰি এক্ট ইষ্ট পলিচি ৰূপায়ণৰে সমগ্র দক্ষিণ পূৰ্ব এছিয়া লগতে বিবিএন দেশসমূহৰ সৈতে বিভিন্ন দিশত সম্পৰ্ক স্থাপনৰ বাবে কৰা প্ৰয়াসৰো উল্লেখ কৰে।
 
প্ৰধানমন্ত্ৰীয়ে দেশৰ জৈৱিক কৃষি হাৰ হিচাপে চিনাক্তকৰণ কৰা দিশটোৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই অঞ্চলৰ কৃষি,উদ্যান শস্য,শাক-পাচলি,মছলা,ফুল জৈৱিক কৃষিয়ে অঞ্চলটোৰ অৰ্থনীতি সলনি কৰিব পৰা সম্ভাৱনীয়তা বহন কৰিছে বুলিও কয়।
মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে কৃষি খণ্ড উন্নতিৰ বাবে সংবাদত অনুমোদন জনোৱা কৃষিখণ্ডৰ দুখন বিধেয়কে কৃষকৰ আয় দুগুনলৈ বৃদ্ধি তথা প্ৰতিভাবান যুৱক-যুৱতী সকলক কৃষি তথা উদ্যান শস্যৰ ক্ষেত্ৰখনত নিজকে জড়িত কৰা বাবে বাৰুকৈয়ে উৎসাহিত কৰিব পাৰিব বুলি কয়। ৰাজ্যখনৰ অৰ্থনৈতিক অধিক ত্বৰাম্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ আৰু পৰ্যটন খণ্ডৰ প্ৰতিষ্ঠান স্থাপনৰ বাবে কৰ উদগনিৰ নতুন নীতি,তথ্য প্ৰযুক্তি নীতি,জৈৱ প্ৰযুক্তি নীতি,ষ্টাৰ্ট আপ নীতি,চেনী নীতি, সৌৰ শক্তি নীতি, ঔদ্যোগিক বিনিয়োগ নীতি,বাঁহ-বেত নীতি ইত্যাদিৰ লেখীয়া শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি নতুন উদ্যোগীসকলক সহায়ক হোৱাকৈ আই আই এম কলকাতাৰ ইনৱেশ্বন পাৰ্কৰ ,আছাম ষ্টাৰ্ট আপ-দ্যা নেষ্ট নামৰ এক ইনকুবেশ্যন পাৰ্ক গুৱাহাটীত স্থাপন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে আজি দীক্ষান্ত সমাৰোহত ডিগ্ৰী লাভ কৰা কৃতীমান শিক্ষাৰ্থীসকলক এই প্ৰতিষ্ঠান খনত ষ্টাৰ্ট আপ স্থাপনৰ বাবেও আহ্বান জনায়।ৰাজ্য চৰকাৰে এই দিশত উপযুক্ত সহায় সহযোগিতা আগবঢ়াব বুলি কয়।

Leave A Reply

Your email address will not be published.