গান্ধী জয়ন্তীত ওদালগুৰিত চাফাই কৰ্মীক সম্বৰ্দ্ধনা

0 253

ক’ভিড মহামাৰীৰ বিৰুদ্ধে অব্যাহত থকা যুঁজ খনত চাফাই কৰ্মী সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গান্ধী জয়ন্তীৰ দিনা ওদালগুৰি জিলাত এইসকল ক’ভিড যোদ্ধাক শ্ৰম আৰু মানৱ সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। ওদালগুৰি জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ওদালগুৰিৰ উদ্যোগত চাফাই কৰ্মীসকলে সম্বৰ্ধনা জনায়।
 
 
ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভা গৃহত অনুষ্ঠিত এক অনুষ্ঠানত ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই চাফাই কৰ্মীসকলক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ সচিব  ভাস্কৰ জ্যোতি মান্তা। এই অনুষ্ঠানত যুটীয়া সঞ্চালক ডা. টাইবুৰ ৰহমান, ডা. গণেশ ব্ৰহ্ম, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ওদালগুৰিৰ প্ৰকল্প সঞ্চালক নমল সিং বৰগয়াৰী, ডিচিএম সঞ্জীৱ কুজুৰ আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.