জিলাৰ বিভাগীয় মুৰব্বীয়ে প্ৰণাম আয়োগৰ মুখ্য আয়ুক্তৰ আলোচনা

0 248

অসম কৰ্মচাৰী প্ৰণাম আয়োগৰ মুখ্য আয়ুক্ত ভি বি প্যাৰেলালে আজি এক ভিডিঅ’ কনফাৰেঞ্চৰ যোগে কামৰূপ মহানগৰৰ জিলাৰ বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়া আৰু ডিডিঅ’ সকলৰ সৈতে অসম কৰ্মচাৰী পিতৃ-মাতৃৰ দায়িত্ব আৰু দায়বদ্ধতা আৰু পৰ্যবেক্ষণ আইন,২০১৭ বা অসমৰ কৰ্মচাৰীৰ প্ৰণাম আইন ,২০১৭ আৰু অসম কৰ্মচাৰীৰ প্ৰনাম বিধি ২০১৮ ৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰে।
 
 
কামৰূপ মহানগৰ জিলা উপায়ুক্ত কার্যলয়ৰ ভিডিঅ’ কনফাৰেঞ্চ কোঠাৰ পৰা জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া ডিডিঅ’ সকলৰ সৈতে মত বিনিময় কৰি প্ৰণাম আয়োগৰ মুখ্য আয়ুক্ত প্যাৰেলালে আইনখনৰ বৈশিষ্ট্য সমূহ বাখ্যা কৰে।
 
অৱহেলিত পিতৃ মাতৃ তথা দিব্যাংগ ভাতৃ ভগ্নীক আৰ্থিক সুৰক্ষা দিয়া বাবে ৰাজ্য চৰকাৰে এই আইনখন ৰূপায়ন কৰা কথা উল্লেখ কৰি মুখ্য আয়ুক্ত গৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে পিতৃ মাতৃ,দিব্যাংগ সহোদৰৰ যত্ন লোৱাৰ বাবে দায়বদ্ধ আৰু এই ক্ষেত্ৰত যিকোনো বিজুটি ঘটিলে আইনখনৰ ব্যৱস্থা অনুসৰি কার্যব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
 
তেওঁ লগতে কয় যে আইনখনৰ অধীনত ৰাজ্য চৰকাৰৰ এগৰাকী কৰ্মচাৰী যিকোনো নির্ভশীল পিতৃ মাতৃ বা দিব্যাংগ সহোদৰে অভিযোগ পঞ্জীয়ন কৰিব পাৰে।এই আইনখনৰ অধীনত কোনো অভিযোগ বা আপত্তি পঞ্জীয়ন হ’লে সংশিষ্ট বিভাগীয় কৰ্তৃপক্ষক তৎপৰতাৰে নিস্পত্তি কৰা ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য আয়ুক্ত গৰাকীয়ে অনুৰোধ জনায়।
 
আইনখন সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিত গুৰুত্ব প্ৰদান কৰিবলৈও প্ৰণামৰ মুখ্য আয়ুক্ত গৰাকীয়ে বিষয়া সকলক অনুৰোধ কৰে।কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলা মুৰব্বী বিষয়া সকলক আইনখনৰ বৈশিষ্ট আৰু গুৰুত্ব বিষয়ে বিষয়া সকলক কয়।কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মা,প্ৰণাম আয়োগৰ পঞ্জীয়ক পঞ্চমী চৌধুৰী এই ভিডিঅ’ কনফাৰেঞ্চৰ সময়ত উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.