গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ উদ্যোগত আৰু কৃষি ভিত্তিক সংগঠন ‘দৃষ্টি স্বাৱলম্বন কেন্দ্ৰৰ সহযোগত ২০ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ থলুৱা ফল-মূল আৰু শাক-পাচলিৰ মূল্য সংযোজন আৰু সংৰক্ষণ বিষয়ক এক পাঁচদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰত বিভিন্ন প্ৰান্তৰ ২১ জনী উদ্যমী মহিলাই ভাগ লয় । আনহাতে কৃষি বিজ্ঞান কেন্দ্র চৌহদত কেন্দ্ৰৰ প্ৰকল্প সহায়ক মধুস্মিতা ডেকাৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত মহিলা সকলক ৰাজ্যৰ সকলোতে উপলব্ধ থলুৱা , কিন্তু বিভিন্ন ওষধি গুণ সম্পন্ন মানৱ দেহৰ উপকাৰী থলুৱা ফল-মূল , শাক-পাচলিৰ উপযুক্ত মূল্য নিৰ্ধাৰণ কৰা আৰু তাক বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰি লাভবান হ’ব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰনাথ কলিতাই শিবিৰত লাভ কৰা অভিজ্ঞতাৰে মহিলা সকল যাতে স্বাৱলম্বী হ’ব পাৰে তাৰ কামনা কৰে । তেনেদৰে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দৃষ্টি স্বাৱলম্বন কেন্দ্ৰৰ কুশল মালাকাৰে পৰিৱৰ্তিত পৰিস্থিতিত আত্মনিৰ্ভৰ অসম ধাৰণাৰে আগবাঢ়ি যাবলৈ মহিলা সকলক আহ্বান জনায় ।
Trending
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach