ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে আজি দিছপুৰ প্ৰেছ ক্লাৱৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন উপলক্ষে বিভিন্ন শিতানত ১৪ জন ব্যক্তিক বঁটা প্ৰদান কৰে। ৰাজ্যৰ প্ৰথমগৰাকী সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক তথা প্ৰতিষ্ঠিত লেখিকা, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক শ্ৰেষ্ঠ সম্পাদক বঁটা২০২০,দেশৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে দুটা দশক ধৰি সংগ্ৰাম অব্যাহত ৰাখি শান্তি আৰু মানৱতা প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ “বিশ্ব সংবিধান আৰু সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য” অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৱতা আৰু শান্তি বঁটাৰে বিভূষিত অসমৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃদিব্যজ্যোতি শইকীয়াক শ্ৰেষ্ঠ মানৱতা ২০২০বঁটা, ৰাজনৈতিক ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বাবে অসম অলিম্পিক সন্থাৰ সম্পাদক,ক্রীড়া যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰক যুৱ ৰাজনৈতিক বঁটা২০২০,অসমৰ কাৰিকৰী শিক্ষাত যুগান্তকাৰী পরিবর্তন আনিবলৈ সক্ষম হোৱা কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক তথা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অতুল বৰাক জ্ঞানজ্যোতি বঁটা২০২০, নেম কেয়াৰ হস্পিতেলৰ স্বত্বাধিকাৰ ডাঃ হিতেশ্ব বৰুৱাক জীৱন সঞ্জীৱনী বঁটা২০২০, নিউজ ১৮ অসমৰ নিউজ এংকৰ ইভা মহন্তক নিউজ এংকৰ বঁটা ২০২০ ৰাজীৱ শইকীয়াক “সংবাদ বান্ধৱ বঁটা” মৌচুম জ্যোতি বৈশ্যক সংবাদিক সংগঠক বঁটা,আৰক্ষী বিষয়া অৰবিন্দ কলিতাক জানাহিতৈষী আৰক্ষী বঁটা, উদীয়মান যুৱ উদ্যোগী উৎপল বণিয়াক উদ্যোগী বঁটা, মুনমী ফুকনক অভিনেত্ৰী বঁটা, নিৰ্মালি এছ বৰাক নবাগত অভিনেত্ৰী বঁটা,এ পি দ্বাব্লুৰ অভিজিত শৰ্মাক সাহসী বঁটা,উদীয়মান যুৱ সংগঠক জিতুল ডেকাক জাগ্ৰত যুৱ বঁটা মুঠ ১৪ জন ব্যক্তিক ২০২০বৰ্ষৰ সন্মানীয় বঁটা প্ৰদান কৰা হয়। সকলোকে বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক কনক সেন ডেকাই। বঁটা বিতৰণী সভা সঞ্চালনা কৰে দিছপুৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সাংবাদিক কুঞ্জমোহন ৰায়ে। প্ৰতিগৰাকী বঁটা প্ৰপাকক গামোচা,চেলেং,জাপি,ফুলৰ থোপা,মানপাত্ৰ আৰু একোটাকৈ স্মাৰক প্ৰদান কৰে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী