অসম লোক সেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন টীয়কৰ ৰন্টু বৰুৱাৰ

0 404

অসম লোক সেৱা আয়োগৰ (ৰাজহ বিভাগত) ৩৩ নং স্থান দখলেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জগদুৱাৰ নপমুৱা গাঁৱৰ ৰন্টু বৰুৱাই । উল্লেখযোগ্য যে বৰুৱা মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ বিষয় শিক্ষক । তাৎপৰ্যপূৰ্ণ এই যে অসম লোক সেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰবক্তাৰ পৰীক্ষাতো উৰ্তীণ হৈছিল বৰুৱা।উক্ত খবৰ বিয়পাৰ লগে লগে আজি পুৱাৰ পৰাই বৰুৱাৰ বাসগৃহত বিভিন্নজন ইষ্ট,কুটুম্ব, শুভাকাংক্ষী তথা দল সংগঠন উপস্থিত হৈ সম্বৰ্দ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰিছে।বৰুৱাই এই কৃতিত্বৰ বাবে পৰিয়াল তথা প্ৰতিজন শুভাকাংক্ষীক কৃতজ্ঞতা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.