বৈশ্য ষ্টাডি চেন্টাৰৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

0 245

আজি দিনৰ ১০:৩০ বজাত অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ বেলতলাত থকা অমল প্ৰভা দাস প্ৰেক্ষাগৃহত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা বেলতলাৰ জয়ানগৰস্থিত বৈশ্য ষ্টাডি চেণ্টাৰ ফৰ ছিভিল চাৰ্ভিছেচ’ৰ ১৮ গৰাকীকৈ প্রশিক্ষাৰ্থীক তেওঁলোকৰ কৃতকাৰ্য্যতাৰ বাবে সম্বৰ্ধনা জনোৱা লগতে এক মনোজ্ঞ কথোপকথন অনুষ্ঠিত হৈ যায়।
উল্লেখযোগ্য যে ইয়াৰে কৃতকাৰ্য ১৮ গৰাকী ছাত্ৰছাত্ৰী ভিতৰত ১০ গৰাকী ২০১৮ চনৰ অসম প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত সফল হোৱা প্রশিক্ষাৰ্থীও আছে।
এই অনুষ্ঠানত কামৰূপ গ্রাম্যৰ সহকাৰী উপায়ুক্ত কৌস্তভ ৰয় আৰু উত্তৰ পূব গ্ৰন্থমেলাৰ বৰ্তমানৰ সম্পাদক তথা গ্ৰন্থ প্ৰকাশক ধীৰাজ গোস্বামী উপস্থিত থাকে।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বৈশ্য ষ্টাডি চেণ্টাৰৰ প্ৰতিষ্ঠাপক সঞ্চালক শৈলেন বৈশ্য, শিক্ষা প্ৰতিষ্ঠানটিৰ দহগৰাকীকৈ প্ৰশিক্ষকৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।পোন্ধৰ বছৰো অধিক সময় শৈলেন বৈশ্যই আগশাৰীৰ ভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বহু প্ৰশিক্ষাৰ্থীক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
এগৰাকী জনপ্ৰিয় কুইজাৰ্ড হিচাপেও জন সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ অনুষ্ঠানটিত ভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থকাৰ লগতে অনুষ্ঠানটিত মত বিনিময় কৰে।

Leave A Reply

Your email address will not be published.