এ পি ডি চি এলৰ অভিনৱ পদক্ষেপ-এতিয়া ঘৰতে বহি গ্ৰাহকে বিদ্যুতৰ বাবে আবেদন কৰিব পাৰিব

0 566

অনলাইন পদ্ধতিৰে গ্ৰাহকৰ বাবে নতুন বিদ্যুৎ সংযোগ প্ৰদানৰ ব্যৱস্থা হাতত লৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে।এতিয়া যিকোনো লোকে ঘৰতে বহি অনলাইন যোগে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিব পাৰিব।
এতিয়া আৰু বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিবলৈ গ্ৰাহকে বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ গৈ শাৰীপাতি থাকিব নালাগে।ইয়াৰ উপৰি ৰাজ্য বাসীৰ বিদ্যুৎ মাছুল আদায় দিয়াৰ সুবিধাৰ বাবে ইজিপে আঁচনি হাতত লৈছে এপিডিচিএলে।
এপিডিচিএলৰ পৰিচালনা সঞ্চালক ৰাকেশ আগৰৱালাৰ উপস্থিতিত অধ্যক্ষ ভি কে পিপাৰচেনিয়াই শুকুৰবাৰে এই অভিনৱ আঁচনি দুখন মুকলি কৰে।উল্লেখযোগ্য যে অনলাইন বিদ্যুৎ সংযোগ ব্যৱস্থাৰ জৰিয়তে ঘৰতে বহি গ্ৰাহকে বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত বিদ্যুৎ সংযোগ লাভ কৰিব পাৰিব।বিদ্যুৎ মাছুল প্ৰক্ৰিয়া ত্বৰাম্বিত কৰাৰ লক্ষ্য লৈ ইজিপে আঁচনি হাতত লোৱা হৈছে এপিডিচিএলে।এই আঁচনি অধীনত এপিডিচিএলৰ অনুমোদিত ব্যক্তিক বিদ্যুৎ মাছুল সংগ্ৰহ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.