গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশে

0 275

কেন্দ্ৰীয় আইন তথা ন্যায় মন্ত্ৰালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিছে।এক বিভাগীয় নিৰ্দেশনা জৰিয়তে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ঢুলীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব ৰাজিন্দৰ কাশ্যপে বৃহস্পতিবাৰে এটা নিৰ্দেশনাযোগে ৰাষ্ট্ৰীপতিৰ অনুমোদন সাপেক্ষে ভাৰতীয় সংবিধানৰ ২১৭ ধাৰাৰ অধীনত ন্যায়াধীশ সুধাঙশু ঢুলীয়াক মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া কথা ঘোষণা কৰে।
উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে অৱসৰ লোৱাত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ পালন কৰিছিল ন্যায়াধীশ এন কটিশ্বৰ সিঙে।উল্লেখ্য যে উত্তৰাখণ্ডত জন্মগ্ৰহণ কৰা সুধাংশু ঢুলীয়াই ইং ১৯৮৬ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।

Leave A Reply

Your email address will not be published.