সাহিত্য সাংস্কৃতিক অনুষ্ঠান প্ৰতিধ্বনিয়ে বিভিন্ন সময়ত সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে স্বনামধন্য ব্যক্তিসকলক সময়ে সময়ে সন্মান জনাই আহিছে। আজি প্ৰতিধ্বনিৰ উদ্যোগত পলাশবাৰীৰ সাংস্কৃতিক বিকাশ ভৱনত ‘শীতৰ কুৱলি ফালি’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জগদীশ পাটগিৰি, পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতা আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কেবাগৰাকীও শিল্পী সাহিত্যিকক বিশেষ সম্বৰ্ধনা জনোৱা হয়। প্ৰতিধ্বনিৰ সভাপতি হোমেন মেধি আৰু সম্পাদক শংকৰ কুমাৰৰ সম্পাদনত ‘কুৰি বছৰৰ নিৰ্বাচিত কবিতা’ নামৰ এখনি কবিতাৰ সংকলন জগদীশ পাটগিৰি আৰু অনিমা ঠাকুৰীয়াৰ’ জীৱন বাটৰ পথিক’ কাব্য পুথিখন উন্মোচন কৰে বিধায়ক কলিতাই। তাৰ পিছতেই কেবাগৰাকীও নবীন প্ৰৱীণ কবিয়ে কবিতা পাঠ কৰে। আনহাতে, উক্ত অনুষ্ঠানতেই কেবাগৰাকীও শিল্পী সাহিত্যিকক বিশেষ সম্বৰ্ধনা জনোৱা হয়। সাহিত্যিক- সাংবাদিক কিশোৰ কুমাৰ কলিতাই দিৰ্ঘদিন ধৰি বিভিন্ন দিশত বৰঙণি আগবঢ়াই অহাৰ বাবেই তেওঁক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে বন্তিৰাম তালুকদাৰ, হৰেন দাস আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ