সাহিত্য সাংস্কৃতিক অনুষ্ঠান প্ৰতিধ্বনিয়ে বিভিন্ন সময়ত সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে স্বনামধন্য ব্যক্তিসকলক সময়ে সময়ে সন্মান জনাই আহিছে। আজি প্ৰতিধ্বনিৰ উদ্যোগত পলাশবাৰীৰ সাংস্কৃতিক বিকাশ ভৱনত ‘শীতৰ কুৱলি ফালি’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জগদীশ পাটগিৰি, পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতা আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কেবাগৰাকীও শিল্পী সাহিত্যিকক বিশেষ সম্বৰ্ধনা জনোৱা হয়। প্ৰতিধ্বনিৰ সভাপতি হোমেন মেধি আৰু সম্পাদক শংকৰ কুমাৰৰ সম্পাদনত ‘কুৰি বছৰৰ নিৰ্বাচিত কবিতা’ নামৰ এখনি কবিতাৰ সংকলন জগদীশ পাটগিৰি আৰু অনিমা ঠাকুৰীয়াৰ’ জীৱন বাটৰ পথিক’ কাব্য পুথিখন উন্মোচন কৰে বিধায়ক কলিতাই। তাৰ পিছতেই কেবাগৰাকীও নবীন প্ৰৱীণ কবিয়ে কবিতা পাঠ কৰে। আনহাতে, উক্ত অনুষ্ঠানতেই কেবাগৰাকীও শিল্পী সাহিত্যিকক বিশেষ সম্বৰ্ধনা জনোৱা হয়। সাহিত্যিক- সাংবাদিক কিশোৰ কুমাৰ কলিতাই দিৰ্ঘদিন ধৰি বিভিন্ন দিশত বৰঙণি আগবঢ়াই অহাৰ বাবেই তেওঁক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে বন্তিৰাম তালুকদাৰ, হৰেন দাস আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান