মাঘ বিহুক আদৰাত ব্যস্ত টীয়কৰ লাহিং লক্ষ্মীবাৰীবাসী ৰাইজ

0 193

মাঘ মাহৰ ঠেটুৱ ধৰা জাৰৰ মাজতো অসমবাসীয়ে চলাইছে অসমীয়া চেনেহৰ ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি।ব্যতিক্ৰম নহয় টীয়কও, টীয়কৰ লাহিং লক্ষ্মীবাৰী অঞ্চলৰ ৰাইজ একত্ৰিত হৈ মাঘ বিহুৰ প্ৰস্তুতি আৰম্ভ কৰিছে।গাঁৱৰ যুৱ চামে নৰাৰে ধুনীয়াকৈ ভেলা ঘৰ,মেজি খৰিৰ বাবে বাঁহ,কাঠ ফলাত ব্যস্ত।লগতে উৰুকাৰ নিশাৰ বাবে হাঁহ,মাছৰ যোগাৰ কৰিছে।গাঁওখনৰ ঘৰে ঘৰে আয়তি সকলেও পৰম্পৰাগত খাদ্য পিঠা- পনা,জলপান আদি প্ৰস্তুতিত ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ তাৰ মাজতে সময় উলিয়াই ডেকাচামক কামত সহযোগিতা কৰিছে।
গাঁৱৰ ডেকা-বুঢ়া সকলো উক্ত স্থানত মিলিত হৈ কামৰ মাজতে বিহু গীতৰ তালে তালে নাচি আনন্দত আত্মহাৰা হৈ পৰিবেশ অতিকৈ জীপাল কৰি তুলিছে।উল্লেখযোগ্য যে পূৰ্বৰ পৰম্পৰা নৱপ্ৰজন্মৰ সন্মুখত প্ৰদৰ্শন কৰাৰ লগতে অসমীয়া সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা থলুৱা বহু গ্ৰাম্য ক্ৰীড়া অনুষ্ঠিত কৰাৰো দিহা কৰিছে উদ্যোক্তাসকলে।বিহুৰ দিনা পুৱা মেজিৰ তলত সকলোৱে চাহ জলপান খাই মেজি প্ৰাংগনতে টেকেলি ভঙা,ৰচি টনাকে ধৰি বিভিন্ন খেল প্ৰতিযোগিতাৰ আয়োজন কৰিব বুলি জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.