১৯৯৮ চনত স্থাপন হোৱা গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত আজি বিয়লি ৩:৪৫ আৰু সন্ধিয়া ৬:৩০ বজাত মানিক ৰয়ৰ পৰিকল্পনা আৰু পৰিচালনাত দুবাৰকৈ মঞ্চস্থ হয় “মেজিক ষ্টিক” শীৰ্ষক শিশু নাটখন৷শিশু নাটকৰ ধাৰাক এক উন্নত পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেৰে বিষ্ণু- নিৰ্মলা ভৱনস্থিত গুৱাহাটী শিশু নাট্য বিদ্যালয়ে নানান ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷শিশুৰ সৃজনশীল মনটোক বিভিন্ন ধৰণেৰে ভৰণ-পোষণ দিয়াৰ লগতে অভিনয় প্ৰশিক্ষণৰ উপৰিও শিশুৰ শাৰীৰিক,মানসিক আৰু ব্যক্তিত্বৰ বিকাশত গুৰুত্ব দি অহা বিদ্যালয়খনৰ আজিৰ নিবেদন “মেজিক ষ্টিক” নাটখনত পৰিচালক তথা নাট্যপৰিকল্পক মানিক ৰয়ে শিশু সমাজত প্ৰচলিত তিনিটা পৃথিৱী বিখ্যাত সাধু ‘সিংহ আৰু নিগনি’,’শহা আৰু কাছ’,’বুধিয়ক কাউৰী’ৰ সংমিশ্ৰণ কৰি নাটকীয় ৰূপ দিয়াৰ চেষ্টা কৰিছে৷নাটকীয় কাহিনী, চৰিত্ৰ ,সংলাপ সংযোজন কৰি দৰ্শকৰ বাবে বিশেষকৈ শিশুসকলৰ বাবে আগবঢ়োৱা মেজিক ষ্টিক নাটখনত বিজিত কুমাৰ দাস,আফতাব আহমেদ,সৃষ্টি শৰ্মা,চিন্ময় কৃষ্ণ সন্দিকৈ,ৰশ্মি ৰেখা শৰ্মা,বিৰিঞ্চি বড়া,অনিশা দত্ত,হাচান চাহনোৱাজ ইছলাম,নিকিতা শৰ্মা,পাৰ্থপ্ৰতীম বৰুৱা,জিতেন চুতিয়া,ওম কাশ্যপ,নিশাংকিতা শৰ্মা,সমীৰণ দাস,জিষ্ণু প্ৰতীম বৰুৱা,ধৃতিক ৰাজ ডেকা আদিয়ে সুঅভিনয় কৰে৷আৰ্চদ এ ৰহমান আৰু লেনিন বৰাৰ সংগীত,মৌমিতা শইকীয়াৰ ৰূপসজ্জা,প্ৰদীপ ৰয়ৰ মঞ্চসজ্জা,ডিম্পল দাসৰ পোহৰ,ৰেখা দাসৰ সাজসজ্জাৰ মেজিক ষ্টিক নাটখনৰ প্ৰযোজনা আছিল গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ৷
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক