শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান বেলিকিডছ এডুকেয়াৰে শিশুসকলৰ সৃজনীশীল বিকাশৰ বাবে সাধু সাধু সাধু ৰেডিঅ’তে শুনো শীৰ্ষক সাধুকথাৰ এলানি বিশেষ কাৰ্যসূচী আজি প্ৰতিষ্ঠানটোৰ বাকৰিত শুভাৰম্ভণি কৰে ।দৃশ্য মাধ্যমৰ বিপৰীতে শ্ৰব্য মাধ্যমৰ জৰিয়তেহে শিশুসকলৰ কল্পনাশক্তিৰ প্ৰকৃত বিকাশ সম্ভৱ হয় ।সেয়ে বেলিকিডছে আকাশবাণী গুৱাহাটীৰ জনপ্ৰিয় অনুষ্ঠান আইতাৰ সাধু ৰেডিঅ’তে শুনো-ৰ পোনপতীয়া সম্প্ৰচাৰৰ সহায়ত প্ৰত্যেক বুধবাৰে দিনৰ বাৰ বজাৰ পৰা এঘণ্টাৰ বাবে চলিবলগা সাধুপাঠৰ এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ।প্ৰতিষ্ঠানটোৰ বাহিৰেও ইচ্ছুক সকলো শিশুৰে মুকলি অংশগ্ৰহণৰ সুবিধা থকা এই কাৰ্যসূচীত শুভাৰম্ভণি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা ননী বালা দাসৰ লগতে বিশিষ্ট ব্যক্তি দিলীপ তালুকদাৰ,বেলিকিডছৰ সঞ্চালক ৰত্ন দাস,পৰিচালন সঞ্চালক মীনাক্ষী চৌধুৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত উদ্বোধক ননী বালা দাসে শিশুৰ বিকাশত সাধুকথাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি বেলিকিডছৰ পদক্ষেপসমূহক প্ৰশংসা কৰে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন