কেপচুলত গণেশৰ চিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে

0 339

কেপচুলত গণেশৰ চিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডত নাম উজলালে লখিমপুৰৰ এগৰাকী যুৱতীয়ে। এইবাৰ নাৰায়নৰপুৰ ধলপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰিয়ংকা শৰ্মাই।
এটা সাধাৰণ এক ইঞ্চিৰ কেপচুলৰ ওপৰতে মাত্ৰ ৩১ ছেকেণ্ডত এডাল এলোমিনিয়ামৰ তাঁৰেৰে এটি গণেশৰ চিত্ৰ অংকন কৰি গঢ়িলে ৰেকৰ্ড, নাম লিপিবদ্ধ কৰিলে ইণ্ডিয়া বুক্ অব ৰেকৰ্ডত।সৰুৰে পৰা নিজকে সৃষ্টিশীল কামত নিয়োজিত কৰিব বিচৰা প্ৰিয়ংকাৰ এনে প্ৰতিভাক এতিয়া সকলোৱে শলাগিছে। স্বামী মনোৎপল শইকীয়াৰ অনুপ্ৰেৰণা আৰু পিতৃ-মাতৃৰ সহযোগিতাৰ বাবে এনে কাম সম্ভৱ বুলি মন্তব্য কৰে প্ৰিয়ংকাই।

Leave A Reply

Your email address will not be published.