ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস আজিৰে পৰা সমগ্ৰ ৰাজ্যত শুভাৰম্ভ কৰা হয়। কামৰূপ জিলাৰ উপৰহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বজাৰাপাৰা স্বাস্থ্য আৰু পৰিয়াল কেন্দ্ৰত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ কৰা হয়। উক্ত দিৱস শুভাৰম্ভ কৰে কামৰূপ জিলা স্থাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: গুণগোবিন্দ শৰ্মাই। এই উপলক্ষে উপৰহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড অনুষ্ঠান পৰিচালক গুণজিৎ গোস্বামীয়ে আঁতধৰা সভাখনৰ সভাপতিত্ব কৰে মনপুৰস্থিত সাতোপাৰা ৰাইজ গয়ৰহৰ সভাপতি নাৰয়ণ চৌধুৰীয়ে। সভাত কামৰূপ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: গুণগোবিন্দ শৰ্মাই পেলুৰ দ্বাৰা হ’ব পৰা বিভিন্ন সংক্ৰমিত ৰোগ আৰু নিৰ্মুলকৰণ, চাফ চিকুনতাৰ বিভিন্ন দিশত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে। সভাত কামৰূপ জিলাৰ মিডিয়া এক্সপাৰ্ট নিলাক্ষী মেধীয়ে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, শিশুসকলক মাতৃসকলে চাফ চিকুন কৰি ৰাখিব লাগে। সঘনাই বিশুদ্ধ পানীৰে হাত, মুখ ধুই পৰিষ্কাৰ কৰাৰ লগতে ঘৰৰ চৌহদ সদায় চাফ-চিকুন কৰি ৰাখিব লাগে। তেনেস্থলত শিশুৰ লগতে মানুহৰ বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উক্ত পেলু নিৰ্মূলকৰণ দিৱস আজিৰপৰা সমগ্ৰ ৰাজ্যত ২৮ ফেব্ৰুৱাৰীলৈ চলিব আৰু পৰ্যায়ক্ৰমে আশাকৰ্মী কৰ্মীসকলে ঘৰে ঘৰে গৈ ১ বছৰৰ শিশুৰ পৰা ১৯ বছৰৰ লৰা, ছোৱালীক পেলু নিৰ্মলকৰণ ঔষধ খুৱাব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগৰ লোকসকলে। উক্ত অনুষ্ঠানত পাঁচজন ল’ৰা ছোৱালীক জিলা যুটীয়া সঞ্চালকগৰাকীয়ে পেলু নিৰ্মূলকৰণ ঔষধ খোৱাই আঁচনিখনৰ শুভাৰম্ভ কৰে।অনুষ্ঠানত উপৰহালী প্ৰথমিক স্বাস্থকেন্দ্ৰৰ এচ.ডি.এম.এ.ও ডা: শ্যাম প্ৰসাদ ৰাজমেধী, জিলা অনুষ্ঠান পৰিচালিকা স্মৃতি শইকীয়া, মিৰ্জা ৩০ খন বিচনাযুক্ত প্ৰাথমিক চিকিৎসালয়ৰ পৰিচালিকা ডা: মিনাক্ষী বৰদলৈ, স্থানীয় গাঁওবুঢ়া প্ৰবীন বৰুৱা, আশা কৰ্মী, অঞ্চলটোৰ বিশিষ্ট লোকসকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰীসকল উপস্থিত থাকে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
- NSE Launches Electronic Gold Receipts (EGRs) to Strengthen India’s Gold Ecosystem
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক