সামাজিক সংস্কাৰ সাধনাত চলচ্চিত্ৰই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে:মুখ্যমন্ত্ৰী

0 359

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰী সভাগৃহত আয়োজিত এক অনুষ্ঠানত অসমীয়া চলচ্চিত্ৰলৈ পোন প্ৰথমবাৰৰ বাবে ৰাজ সাহাৰ্য্য প্ৰদান আঁচনি শুভাৰম্ভ কৰে।অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম পৰিসীমিতৰ দ্বাৰা প্ৰদান কৰা এই ৰাজ সাহাৰ্য্যৰ জৰিয়তে প্ৰথম পৰ্যায়ত ৫৫ খন চলচ্চিত্ৰ,চুটি ছবি আৰু তথ্যচিত্ৰ সামৰি লোৱা হৈছে।এই আঁচনি খনত মুঠ ১ কোটি টকা ব্যয় কৰা হৈছে।
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এখন সমাজৰ সংস্কাৰ সাধনাত চলচ্চিত্ৰই উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে।চলচ্চিত্ৰ জড়িয়তে প্ৰতিগৰাকী ব্যক্তিক সাংস্কৃতিক মনৰ অধিকাৰী কৰিব পৰা যায়।শিল্প কলাৰ এই শক্তিক মানুহে যুগে যুগে উপলব্ধি কৰি আহিছে।গুৰুজনাই তেৰাৰ সাংস্কৃতিক উপদানেৰে মানৱীয় গুণ বিকশাই তুলিছিল।মানুহৰ চিন্তা-চৰ্চা আৰু কৰ্মত মানৱীয় গুণৰ বিকাশ সাধন নহ’লে এখন শক্তিশালী সমাজ নিৰ্মাণ কৰাটো সম্ভৱ নহয়।
সংস্কৃতিয়ে মানুহৰ মানসিকতাত প্ৰভাৱ পেলাই ইতিবাচক দিশেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়।চলচ্চিত্ৰৰ কাহিনী , অভিনয়ে মানুহৰ হৃদয়ত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।সেইবাবে আদৰ্শ ব্যক্তি আৰু পবিত্ৰ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত চলচ্চিত্ৰই বিশিষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
মুখ্যমন্ত্ৰীয়ে কয় যে চলচ্চিত্ৰই মানুহক সক্ৰিয় আৰু সজীৱ কৰি ৰাখিব পাৰে।চিন্তাৰ মলিনতা আঁতৰ কৰাৰ দিশত চলচ্চিত্ৰই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে।আমাৰ দেশত হিন্দী চলচ্চিত্ৰ ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হিন্দী চলচ্চিত্ৰই ৰাষ্ট্ৰীয় ভাৱনা শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা যোগায় আহিছে।
অসমৰ সম্পদ আৰু সম্ভাৱনাক আবিষ্কাৰ কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰই বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব।শিল্পী সকলক তেওঁ যথেষ্ট শ্ৰদ্ধা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিল্পী সকল হ’ল ঈশ্বৰৰ দূত।উঠি অহা চামক অধিক পৰিশ্ৰম কৰি শক্তিশালী ব্যক্তিত্বৰ গৰাকী কৰি তোলাৰ দিশত চলচ্চিত্ৰই উৎসাহ যোগাব পাৰে।তেনে চলচ্চিত্ৰ নিৰ্মান কৰিলে আমাৰ নতুন প্ৰজন্মৰ ব্যক্তিত্ব বিকাশ সাধন হ’ব।
ৰাজ্য চৰকাৰে আগবঢ়োৱা এই ৰাজ সাহাৰ্য্য অতি নগণ্য বুলি উল্লেখ কৰি কয় যে অসমৰ চলচ্চিত্ৰ জগতখনক আগুৱাই নিয়াৰ বাবে চৰকাৰৰ যথেষ্ট আন্তৰিকতা আছে।তেওঁ কয় যে অসমত বহু সফলতাৰ কাহিনী আছে।উচ্চ শিক্ষিত যুৱক যুৱতীয়ে আজি কৃষি খণ্ডৰ জড়িত হৈ পৰিছে।বানপানী বিধ্বস্ত কৰা কৃষকে পুনৰ খেতি পথাৰত নিয়োজিত হৈ সফলতা কঢ়িয়াই আনিছে।এনেবোৰ বিষয় লৈ চলচ্চিত্ৰ নিৰ্মান কৰিলে আমাৰ শক্তিক উদ্ভাষিত কৰাটো সম্ভৱ হৈ পৰিব।সমাজখনক প্ৰতিযোগিতাৰ ক্ষেত্ৰলৈ লৈ যোৱাৰ দিশত চলচ্চিত্ৰই বিশেষ ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লুইতৰ নাম বিশ্ব মানচিত্ৰত উজ্বলাই তোলাৰ বাবে চলচিত্ৰ উদ্যোগ প্ৰয়াস চলাব লাগিব বুলিও কয়।
তেওঁ কয় যে সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশত বিকাশ সাধনৰ বাবে শিল্পী সকলে চলচ্চিত্ৰক মাধ্যম হিচাপে লৈ আগুৱাই যাব লাগিব।বৰ্তমান ৰাজ্য চৰকাৰে সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে দৃঢ়তাৰে প্ৰয়াস চলাই আহিছে।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কঠিন প্ৰত্যাহ্বান নেওচি অসমীয়া চলচ্চিত্ৰ ভেটি নিৰ্মাণ কৰিছিল।জ্যোতিপ্ৰসাদ আগৰৱালা মহিলা সৱলীকৰণ উৎকৃষ্ট নিৰ্দশন দেখুৱাই থৈ গৈছে।প্ৰমূল্যবোধৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এটা নতুন জাগৰণৰ সূচনা কৰাৰ বাবে চলচ্চিত্ৰ উদ্যোগক বিশেষ ভূমিকা ল’বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
এই অনুষ্ঠানত অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম পৰিসীমিতৰ অধ্যক্ষ তথা বিধায়ক সুমন হৰিপ্ৰিয়া,মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,আইন উপদেষ্টা শান্তনু ভৰালী ,বিধায়ক দ্বয় বিমল বৰা আৰু ঋতুপৰ্ণ বৰুৱা,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা লগতে আলেখ্য বৰুৱা,সুৰ্দশন ঠাকুৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.