সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, সাহিত্য সম্পাদক অঞ্জন কলিতা, কাৰ্য্যনিৰ্বাহক সদস্য সীমান্ত ঠাকুৰীয়াৰ নেতৃত্বত গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৩ শতাধিক প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্যই দলৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। যোগদান কাৰ্য্যসূচীত উপস্থিত থাকি দলৰ সভাপতি অতুল বৰাই উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আঞ্চলিক দল অসম গণ পৰিষদত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি যোগদান কৰাৰ বাবে উষ্ম আদৰণি জনাই কয় যে, বৰ্তমান সময়ত অসম গণ পৰিষদ দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বঢ়াৰ বাবেই নতুন নতুন তেজৰ আমদানি ঘটিছে। বৰাই লগতে যুৱ আৰু ছাত্ৰ শক্তিক ঐক্যবদ্ধ ভাৱে আসম গণ পৰিষদ দলৰ মাধ্যমৰে ৰাইজৰ সেৱাত ব্ৰতী হোৱাত গুৰুত্ব আৰোপ কৰে। অসমৰ বিভিন্ন মহাবিদ্যালয়ত ইতিমধ্যে অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সহযোগত ছাত্ৰ একতা সভা সমূহ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৫ চনৰ পৰা অভিজ্ঞতাপুষ্ট আঞ্চলিক ৰাজনৈতিক দলটোত এই নতুন তেজৰ আমদানিয়ে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। সভাত কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকি যোগদানকাৰী সকলক আদৰণি জনোৱাৰ লগতে দলত থাকি নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। সভাত দলৰ উপ-সভাপতি সুনীল ডেকা, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, সম্পাদক সংগঠন তুলাৰাম গগৈ, কাৰ্য্যনিৰ্বাহক সদস্য আছিকুৰ ৰহমান তথা অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ