বিশিষ্ট কবি ,লেখিকা ঊষামণি শইকীয়ালৈ এই বৰ্ষৰ কাব্য শিৰোমণি বটা প্ৰদান কৰা হয়। মহানগৰীৰ জালুকবাৰীৰ সমীপৱৰ্ত্তী পাণ্ডু সদিলাপুৰৰ নিবাসী বিশিষ্ট কবি শইকীয়াক এই বটা প্ৰদান কৰে “আজিৰ কবিতা ” ৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত।ৰিপৰ্টাৰ অসম আৰু ধেমাজি জিলা কবি সন্মিলনৰ সহযোগত ধেমাজি জিলাৰ লোহিত -সাবিত্ৰী ভবন,বৰদলনিত যোৱা ২১ ফেব্ৰুৱাৰীত আয়োজিত অনুষ্ঠানত স্মাৰক ,গামোছা ,মানপত্ৰৰে বিশিষ্ট কবি গৰাকীক প্ৰদান কৰা হয় এই বটা।ইৰ্ষণীয় বটাতো প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইনে।এই বটাৰ জৰিয়তে প্ৰথমবাৰলৈ সদিলাপুৰলৈ সন্মান কঢ়িয়াই অনাত সমগ্ৰ সদিলাপুৰবাসী উৎফুল্লিত হৈ পৰিছে।ইতিমধ্যে লেখিকা গৰাকীয়ে সাংবাদিক পৰিষদ অসমকে ধৰি বিভিন্ন সংগঠনৰ পৰা সন্বৰ্ধনা গ্ৰহন কৰিবলৈ সক্ষম হৈছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ