ইণ্ডিয়ান এচ’ছিয়েছন অব্ কনজাৰভেটিভ ডেন্টিষ্ট্ৰী এণ্ড এন্ডদন্টিক্চে অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নিউ বিমানকোঠ পথত অৱস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত দুদিনীয়া কাৰ্যসূচীৰে সন্থাৰ বাৰ্ষিক সভা তথা অধিবেশনখন অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে৷অধিবেশনৰ আয়োজক কমিটিৰ অধ্যক্ষ ডাঃ এ চি ভূঞা আৰু সম্পাদক ডাঃ ৰুবী কটকীয়ে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে বক্তা হিচাপে এই অধিবেশনত অংশ গ্ৰহণ কৰিব৷তাৰ ভিতৰত জাৰ্মানীৰ ডা°ডেনিচ কহলাৰ ,নিউয়ৰ্কৰ ডা° মহুৱা বোস পিল্লাই, ডেনমাৰ্কৰ ডা° লাৰ্চ ব্ৰঞ্জডেল,জামাইকাৰ ডা° শশী নালাপতি আৰু ইউ.এ ইৰ ডা° এচ ভেংকটেশ বাবুয়ে “অনলাইন বক্তা “হিচাপে আৰু দেশৰ আগশাৰীৰ বিষয় চিকিৎসক ডা° প্ৰদীপ কুমাৰ,ডা° আৰ এচ মোহন কুমাৰ,ডা° মিথুনজিত কৃষ্ণণ,ডা° মুকুট শীল,ডা° শিশিৰ সিং,ডা° এন ভেলমুৰগন,ডা° মিথ্ৰা হেগড়ে ,ডা° আদিত্য মিত্ৰ,ডা° লৰা মিশ্ৰ আৰু চিকয় ৱাঙে “অফলাইন বক্তা “হিচাপে এই অনুষ্ঠানত উপস্থিত থাকিব বুলি চাইণ্টিফিক কমিটিৰ অধ্যক্ষদ্বয় ডা° চন্দনা কলিতা আৰু ডা° লীমা দাসে জানিবলৈ দিছে৷অনুষ্ঠানৰ কোষাধ্যক্ষ ডা° ললিত চন্দ্ৰ বৰুৱাই জনোৱা মতে অধিৱেশনৰ লগত সংগতি ৰাখি বাণিজ্য মেলা আৰু সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত হ’ব৷ অধিৱেশনৰ মুকলি সভাত সন্থাৰ সভাপতি ডা° ভি চন্দ্ৰশেখৰ,যুটীয়া সম্পাদক আৰ মোহন কুমাৰ,মুখ্য পৃষ্ঠপোষক ডা° দিব্যেন্দু মজুমদাৰ উপস্থিত থাকিব আৰু ইয়াতে ডা° আদ্ৰিজা ডেকাৰ তত্ত্বাৱধানত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰদান কৰা হ’ব “ইয়ং এচিভাৰ এৱাৰ্ড”৷
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক