শোণিতপুৰৰ বালিপৰাৰ স্থায়ী দুৰ্গা মন্দিৰৰ সভাগৃহত আজি অনুষ্ঠিত এক সভাত বালিপৰা শাখা সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয় । শোণিতপুৰ জিলা সাহিত্য সভাৰ তত্বাৱধানত তথা সাহিত্যিক নকুল কুৰ্মীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্যে ব্যাখ্যা কৰে সাহিত্য সভাৰ জিলা সম্পাদক দুলাল নাথে । উদ্দেশ্যে ব্যাখ্যা নাথে অসমৰ সাহিত্য-সমাজ ব্যৱস্থাত অসম সাহিত্য সভাৰ ভূমিকা, শাখা সাহিত্য সভাৰ দায়িত্ব আৰু কৰ্তব্য , সভাই সাহিত্যৰ বিকাশৰ হেতুকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে অবলোকন কৰে । জিলা কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা জিলা সমিতিৰ কোষাধ্যক্ষ কিৰণ চন্দ্ৰ বৰাই ভাষণ প্ৰসংগত কয় যে অসমৰ জাতীয় জীৱনত অসম সাহিত্য সভাৰ যুগান্তকাৰী ভূমিকা আছে । সাহিত্য সভাই জন্মলগ্নৰেপৰা সাহিত্য-সংস্কৃতিৰ বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে । ” সভাখনত সৰ্বসন্মতিমৰ্মে বালিপৰাৰ বিশিষ্ট সাহিত্যিক,শিক্ষক নকুল কুৰ্মীক সভাপতি, যুৱ লেখক প্ৰাঞ্জল প্ৰতিম বৰাক সাধাৰণ সম্পাদক , সাংবাদিক নিৰলা ডেকাক সহকাৰী সম্পাদিকা, উপসনা বৰাক পত্ৰিকা সম্পাদিকা হিচাপে লৈ এখন ১৫ জনীয়া বালিপৰা শাখা সাহিত্য সভাৰ শক্তিশালী নতুন সমিতি গঠন কৰা হয় । সভাখনত জিলা প্ৰচাৰ উপ-সমিতিৰ তথা সাংবাদিক দিলীপ সৰকাৰ, বালিপৰা ব্যৱসায়ী সন্থাৰ সভাপতি ভূপেন হাজৰিকা, সমাজকৰ্মী মৃণাল শইকীয়া, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক কামিনী বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য চাহিন আহমেদ , বালিপৰা শাখা সাহিত্য সভাৰ সদ্য প্ৰাক্তন সম্পাদক প্ৰভাত চন্দ্ৰ বৰা, অজিৎ কুমাৰ দে, জোনাৰাম শইকীয়াৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সভাৰ লগত সংগতি ৰাখি সংগীত পৰিৱেশন কৰে শিল্লী সন্ধ্যাশ্ৰী দাসে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon