গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সৰ প্ৰতিষ্ঠানত ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উদযাপন

0 273

গুৱাহাটী মহানগৰৰ আজাৰাস্থিত উত্তৰ পূৰ্বাঞ্চলৰ ফাৰ্মাছী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান “গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সৰ প্ৰতিষ্ঠান চৌহদত আজি ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস” গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যিক ‌ঔষধ নিয়ন্ত্ৰক প্ৰতিষ্ঠানৰ যুটীয়া নিয়ন্ত্ৰক হৃদয়ানন্দ মহন্ত আৰু কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰফেছাৰ পান্নালাল গোস্বামীয়ে। প্ৰতিষ্ঠানখনৰ ছাত্ৰী কোয়েল চৰকাৰে পৰিৱেশন কৰা সৰস্বতী বন্দনা এটিৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি ৰাতুল দাসে। প্ৰতিষ্ঠানখনৰ সমূহ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থকা অনুষ্ঠানটি আঁত ধৰে শিক্ষয়িত্ৰী জৰটাজ ৱাচিম বানুৱে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰফেছাৰ পান্নালাল গোস্বামীদেৱে কয় যে ‘বিজ্ঞান শিক্ষাৰ ব্যৱহাৰিক প্ৰয়োগৰ দ্বাৰা আমি আমাৰ দক্ষতা উন্নতি কৰাৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিক ইয়াৰ দ্বাৰা লাভাম্বিত কৰিৱ পাৰো’। ইয়াৰ লগতে মূখ্য অতিথিৰ আসন অলংকৃত কৰা হৃদয়ানন্দ মহন্ত ডাঙৰীয়াই বৈজ্ঞানীক মানসিকতাৰে সকলো ছাত্ৰ ছাত্ৰীকে উদ্ধৃত হ’বলৈ আহ্বান জনায়। ইয়াৰ পিছতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানখনৰ “ফাৰ্মাযʼন” শীৰ্ষক বাৰ্ষিক আলোচনীভাগ উন্মোচন কৰা হয়। ইয়াৰ উপৰিও প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। অনুষ্ঠানটিৰ শেষত প্ৰতিষ্ঠানৰ জেষ্ঠ শিক্ষয়িত্ৰী স্মৃতিৰেখা চন্দ দাসে আয়োজক সমিতিৰ হৈ উপস্থিত সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply

Your email address will not be published.