ৰাজ্যৰ তৃতীয় তথা শেষ পৰ্যায়ত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্বৰ ১৯ মাৰ্চত সামৰণি পৰাৰ পাছত আন আন সমষ্টিৰ দৰে পশ্চিম গুৱাহাটীটো নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়াব খোজা প্ৰাৰ্থীসকলৰ লগতে দলীয় কর্মী-সমৰ্থক সকলে নিৰ্বাচনী প্ৰচাৰকাৰ্য আৰম্ভ কৰিছে। আজি সমষ্টিটোৰ মাজিৰগাওঁ গাওঁ পঞ্চায়ত এলেকাৰ সৰু আগছিয়াত অঞ্চলটোৰ মহিলা আত্মসহায়ক গোট ক্ৰমে-ৰূপজ্যোতি, মহাত্মা, সাধনা, মিলনজ্যোতি, কনকলতা, মাতৃ মিলন আৰু হৰগৌৰীৰ সদস্যা সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হৈ কলিতাৰ নিৰ্বাচনৰ বাবে ৰচনা কৰা গীতৰ তালে তালে নৃত্য – গীত তথা নাচ-গানেৰে ঘৰে ঘৰে নিৰ্বাচনী প্রচাৰ চলায় । প্ৰচাৰ কাৰ্যত অগপত মহিলা বিগ্ৰেড হিচাপে পৰিচিত পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ উপ সভানেত্ৰী অজন্তা শৰ্মা ডেকা , সাধাৰণ সম্পাদিকা গীতা মণ্ডল , কোষাধক্ষ্য ভাৰতী সিং কছাৰীকে ধৰি কেবাগৰাকী কৰ্মকর্তাই ভাগ লয়। এই সন্দৰ্ভত মহিলা আত্মসহায়ক গোট সমূহৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ মহিলা ঠাণ্ডা ৰাজবংশীৰ উপৰি আন আন কর্মকর্তা সকলে সদৰি কৰা অনুসৰি এইবাৰো পশ্চিম গুৱাহাটীত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিজয় এশ শতাংশ নিশ্চিত যদিও আমি তেওঁক হিমন্ত বিশ্ব শৰ্মা , সৰ্বানন্দ সোণোৱালৰ দৰে অভিলেখ পৰিমাণৰ ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ বাবে সংকল্প লৈছে । নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ শেষদিনালৈকে এই অভিযান চলি থাকিব আৰু কলিতা ডাঙৰীয়া আমাৰ ইয়ালৈ নাহিলেও তেওঁ বিগত সময়চোৱাত কৰা উন্নয়নমূলক কামৰ বাবে সকলোৰে অন্তৰত আছে বুলি গোটৰ কৰ্মকর্তা সকলে সদৰি কৰে ।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ