আজি অনুষ্ঠিত হয় ক`ভিডৰ নিদেৰ্শনা সম্পৰ্কীয় মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল।সংবাদমেলৰ সিদ্ধান্ত সমূহ হ`ল এনেধৰণৰ -জিলা প্ৰশাসনৰ অনুমতি লৈহে অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব ।বন্ধ কোঠাৰ অনুষ্ঠানত ৫০% লোকহে উপস্থিত থাকিব পাৰিব।বিবাহ আদিত ১০০তকৈ অধিক উপস্থিত থাকিব নোৱাৰিব।মৃতকৰ শেষকৃত্যত ২০ জনতকৈ অধিক উপস্থিত থাকিব নোৱাৰিব।আনহাতে ধৰ্মীৰ অনুষ্ঠানত প্ৰতি ঘণ্টাত ২০ গৰাকীহে উপস্থিত থাকিব পাৰিব।বিখ্যাত ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত ৫০ গৰাকী লোকক অনুমতি দিয়া হৈছে।ৱৰ্ক ফ্ৰম হোম আৰু ভাৰ্চুৱেল পদ্ধতিৰ কাম কাজত প্ৰাধান্য।চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ৫০% কৰ্মচাৰীয়ে কাম সম্পাদনাৰ নিৰ্দেশ।প্ৰতিষ্ঠানৰ বিষয়াই নিজৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰিব নোৱাৰিব সভা।গৰ্ভৱতী মহিলাক ঘৰৰ পৰাই কাম কৰা অনুমতি প্ৰদান।৫ বছৰ তলৰ শিশুৰ মাতৃক ঘৰৰ পৰা কাম কৰা অনুমতি।কৰ্মক্ষেত্ৰত সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব মানি চলিব লাগিব ।প্ৰৱেশ-প্ৰস্থানস্থলীত থাৰ্মেল স্কেনিং হেণ্ড ছেনিটাইজাৰ থাকিব লাগিব ।আইন অমান্য কৰিলে কঠোৰ হ`ব প্ৰশাসন।ইয়াৰ উপৰিও পুলিচক মাস্ক যোগান ধৰিবলৈও নিৰ্দেশ জাৰি কৰিছে।আৰক্ষী সাংবাদিক শিক্ষকক প্ৰধান শাৰীৰ যোদ্ধা বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে ৰাজ্য চৰকাৰে।
Trending
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন