ক’ৰণা মহামাৰীয়ে সমগ্ৰ বিশ্বত সৃষ্টি কৰা আতংকময় পৰিবেশৰ মাজতে জনসাধাৰণক এই মহামাৰীৰ সম্পৰ্কত সজাগ কৰাৰ অৰ্থে যোৰহাট জিলাৰ টীয়কৰ গ্ৰাম্যাঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক পৰাগ শইকীয়াৰ প্ৰচেষ্টাত বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলক লৈ সজাগতামূলক প’ষ্টাৰ অংকন কৰি জনবহুল স্থানত আঁৰি ৰাইজক সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷উল্লেখযোগ্য যে সম্পূৰ্ণ ক`ভিড প্ৰ`টকল মানি ক’ৰণা মহামাৰীৰ সম্পৰ্কত জনসজাগতা সৃষ্টিৰ সমান্তৰালকৈ শিক্ষাৰ্থী সমাজৰ সামাজিক দায়বদ্ধতা সৃষ্টিৰ অৰ্থে গ্ৰহণ কৰা এই কাৰ্যসূচীত প্ৰকৃতি সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি কোনো গছত গজাল নমৰাকৈ প’ষ্টাৰ লগোৱাৰ সংকল্প লোৱা হৈছে৷ সমগ্ৰ ৰাজ্যখনত ক’ৰণা ঢৌ বাঢ়ি অহাৰ সময়ত গ্ৰাম্য অঞ্চলৰ ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰা সমোপযোগী প্ৰচেষ্টাক বিভাগীয় কৰ্তৃপক্ষ আৰু সচেতন ৰাইজে শলাগ লৈছে৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram