এখন শুদ্ধ নিকা এন আৰ চি প্ৰস্তুতকৰণৰ সন্দৰ্ভত ৰাজ্য তথা কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছে অসম সত্ৰ মহাসভাকে আদি কৰি বহু দল সংগঠনে

0 232

অসমৰ অন্যতম আগশাৰীৰ কৃষ্টি সংস্কৃতিৰ বৃহৎ জাতীয় সংগঠন অসম সত্ৰ মহাসভাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত মতপ্ৰকাশ কৰিছে। এই সম্পৰ্কত এখন শুদ্ধ নিকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ পোষকতা কৰিছে। মহাসভাৰ মতে এক দীৰ্ঘদিনীয়া পৰিক্ৰমাৰ অন্ততঃ যোৱা ২০১৯বৰ্ষত নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰা হয় আৰু আসোঁৱাহ পূৰ্ণ এখন নাগৰিক পঞ্জী প্ৰকাশ পায়।
যত নেকি বংশ বৃক্ষৰ জালিয়াটিৰ দ্বাৰা লাখ লাখ সন্দেহ জনক বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা হয়। আনহাতে লাখৰ হিচাপত দেশৰ তথা অসমৰ থলুৱা লোকৰ নাম বাদ পৰা কাৰ্যক ইতিমধ্যে অসম সত্ৰ মহাসভাই তীব্ৰ ভাাষাৰে সমালোচনা কৰাৰ লগতে একে কথাতে মাত মাতিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাছে।ব্ৰাদাছৰ সচিব প্ৰধান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক কৰ্মী আন্তৰ্জাতিক শান্তি বঁটা প্ৰাপক ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভূক্তিকৰণ আৰু স্বদেশী তথা খিলঞ্জীয়াৰ নাম বাদ পৰা কাৰ্যই দীৰ্ঘদিনৰ বাবে এক স্থায়ী অশান্তিৰ কাৰক হ`ব। সেয়ে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে বিষয়টি গুৰুত্ব সহকাৰেলৈ অচিৰেই ন্যায়ালয়ৰ কাষ চাপি সমস্যা সমাধানৰ বাবে কাৰ্য ব্যৱস্থা হাতত লোৱা উচিত।
আনহাতে এই সন্দৰ্ভত অসমত দেশৰ আন ৰাজ্যৰ দৰে অসমতো ১৯৭১ৰ পৰিবৰ্তে ১৯৫১বৰ্ষ হোৱা উচিত বুলি দীৰ্ঘদিন ধৰি দাবী কৰি অহা সংগঠন অসম সন্মিলিত মহাসংঘৰ মহাসচিব পূৰ্ণানন্দ ৰাভাই কয় যে আমাৰ দাবী ১৯৫১ চন যদিও ৭১ক লৈ যিখন এন আৰ চি প্ৰস্তুত কৰা হল তাত সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভূক্ত আৰু খিলঞ্জীয়াৰ নাম বাদ পৰা উক্ত এন আৰ চি খনক মানি ল`ব নোৱাৰি বুলি ব্যক্ত কৰে। অসম সত্ৰ মহাসভা, ব্ৰাদাছ’ , সন্মিলিত মহাসংঘৰ লগতে জাঙুৰ খাই উঠিছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ মুখ্য উপদেষ্টা ললিত মৰাণ, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কাৰোনাকান্ত বৰ্মন আদি বিভিন্ন ব্যক্তি দল সংগঠন। তেওঁলোকে পুনৰ কয় যে উক্ত খিলঞ্জীয়া বিৰোধী নাগৰিক পঞ্জীয়ে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা অধিক বুলি কোৱাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ খিলঞ্জীয়াৰ প্ৰতি এক ন্যায়সংগত ব্যৱস্থা কৰাৰ বাবে দাবী জনায়।

Leave A Reply

Your email address will not be published.