দেশৰ সৰ্ববৃহৎ যুৱ সংগঠন আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি ত এইবাৰ অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলেও ভৰ্ত্তি হ`ব পাৰিব । বৰ্তমান উত্তৰ পূৱৰ বাবে কেন্দ্ৰীয় চৰকাৰে জুনিয়ৰ ডিভিজন অৰ্থাৎ নৱম শ্ৰেণীৰ তলৰ ছাত্ৰ – ছাত্ৰীৰ বাবে প্ৰায় পাঁচ হাজাৰ পদত অনুমোদন দিছে । এই ঘোষণা কৰিছে এন চি চি ৰ শ্বিলংস্থিত উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান আৰু অসম সন্তান মেজৰ জেনেৰেল অনন্ত ভূঞাৰ । ৭ মে’ত এই ঘোষণা কৰি এ ডি জি মেজৰ জেনেৰেল অনন্ত ভূঞাই কয় ইয়াৰ ফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও এন চি চি ত ভৰ্ত্তি হৈ ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হব পাৰিব । তেনেদৰে বাহিনীটোৰ জুনিয়ৰ ডিভিজনৰ কেডেটৰ বাবে বিশেষ গুৰুত্ব থকা ” এ ” প্ৰমাণ পত্ৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তাত আঁৰত হোৱাৰ পাছত পৰৱৰ্তী সময়ত উচ্চ শিক্ষাত নাম ভৰ্ত্তি , বা চাকৰিৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব । অৱশ্যে আন আন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত চৰকাৰে যিদৰে এন চি চি ত আৰ্থিক সাহায্য আগবঢ়াই ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত প্ৰথম পৰ্যায়ত তেনে ধৰণৰ সুবিধা ৰখা হোৱা নাই । ইয়াত কেডেট সকলৰ বাবে Self Financing আঁচনিৰ সুবিধাহে ৰখা হৈছে বুলি এ ডি জি অনন্ত ভূঞাই জানিবলৈ দিছে ।উল্লেখযোগ্য যে অনন্ত ভূঞাই বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুসৰি উত্তৰ পূৱত আন্তৰ্জাতিক সীমান্তৰে পৰিবেষ্টিত ৰাজ্যকেইখনত সীমান্তবৰ্তী অঞ্চলৰ শিক্ষানুষ্ঠানত নতুনকৈ এন চি চি ৰ শাখা স্থাপন কৰি কেডেট ভৰ্ত্তি অভিযানত আত্মনিয়োগ কৰিছে ।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon