জাৰ্ণেলিষ্ট এছ’চিয়েছন অব আছাম (জা) আৰু নেশ্বনেল ইউনিয়ন অব্ জানেলিষ্ট ইণ্ডিয়া (এন ইউ জে আই)য়ে জনপ্ৰিয় নেতা ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ লগতে অসম বিধানসভালৈ নিৰ্বাচিত জনপ্ৰতিনিধি সকল আৰু হিমন্ত বিশ্ব শৰ্ম্মাৰ নেতৃত্বত গঠিত বিজেপি, অগপ, ইউ পি পিএল মিত্ৰজোটৰ চৰকাৰলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।সংবাদ মাধ্যম লৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত জাৰ্ণেলিষ্ট এছ’চিয়েছন অব আছাম, (জা) ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আৰু জাৰ মুখ্য উপদেষ্টা তথা এন ইউ জে আইৰ ৰাষ্ট্ৰীয় উপসভাপতি ভূপেন গোস্বামী,জাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ময়ূখ গোস্বামী, সাধাৰণ সম্পাদক ডালিম ফুকন, সম্পাদক সুদীপ শৰ্ম্মা চৌধুৰীয়ে কয় যে অসমৰ জনতাই যি আশা কৰি হিমন্ত বিশ্ব শৰ্ম্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে যি গধুৰ দায়িত্ব অৰ্পণ কৰিছে সেইয়া অতি নিষ্ঠা আৰু সততাৰে পালন কৰিব। অসমৰ আইন শৃংখলা , সামগ্ৰিক উন্নয়ন আৰু শান্তি-সম্প্ৰীতি তথা সকলো ভাষা,ধৰ্ম- বৰ্ণ সম্প্ৰদায় আৰু জাতি -জনগোষ্ঠীৰ মাজত ঐক্য- সংহতি , ভ্ৰাতৃত্ববোধ বজাই মানুহক সদায় মানুহৰ দৰে ব্যৱহাৰ কৰি ৰ্নিবাচিত বিধায়ক সকলে ৰাইজৰ বিকশিত অসমৰ সপোনক বাস্তবায়িত কৰিব বুলিও সংগঠনটোৱে আশা প্রকাশ কৰে। আনহাতে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ তথা সমাজৰ অতন্ত্ৰ প্ৰহৰী সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুন্ন ৰাখি মৌলিক সমস্যা সমূহ সমাধানত গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ নেতৃত্বত গঠিত বিজেপি, অগপ, ইউ পিপিএল মিত্ৰজোটৰ চৰকাৰৰ প্রতি আহ্বান জনাইছে । তদুপৰি সংবাদ মাধ্যম আৰু কৰ্তব্যৰত সাংবাদিকৰ ওপৰত বাঢ়ি অহা ভাবুকি আৰু নিৰ্যাতন প্রতিৰোধ কৰাৰ বাবে তথা কৰ্তব্যৰত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত ৰাজ্যত এখন বলিষ্ঠ ‘সাংবাদিক সুৰক্ষা আইন’ প্রণয়ন কৰি সন্মান সহকাৰে সাংবাদিক সকলক জীয়াই থকাত সহায় কৰিবলৈ গঠিত হব লগা মিত্ৰজোঁটৰ চৰকাৰ তথা নবৰ্নিবাচিত বিধায়ক সকলৰ প্রতি অনুৰোধ জনোৱা হৈছে। উল্লেখযোগ্য যে জাৰ্ণেলিষ্ট এছ’চিয়েছন অব আছাম (জা) আৰু নেশ্বনেল ইউনিয়ন অব্ জানেলিষ্ট ইণ্ডিয়া (এন ইউ জে আই) ৰ লগতে অসমৰ সাংবাদিক সকলে দেশৰ অন্য কেইবাখনো ৰাজ্যৰ দৰে অসমতো এনে এখন সুৰক্ষা আইন প্রনয়ণৰ দাবীত দীঘদিন ধৰি আন্দোলন পৰ্যন্ত সংগঠিত কৰি আহিছিল যদিও কাৰ্যক্ষেত্ৰত কোনো চৰকাৰে ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আগন্তক চৰকাৰ খনে আৰম্ভণিহে এইক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি অসমৰ সাংবাদিক সকলে আশা প্রকাশ কৰিছে।
Trending
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন