আজি ভাৰ্চুৱেল ছবি গৃহৰ যোগে মুক্তি পাব উৎপল দত্তৰ বহুবৃত্ত। জানিব পৰা মতে, ‘মাই চিনেমাহল’ নামৰ ইণ্টাৰনেট ছবিগৃহত শুক্ৰবাৰে এই ছবিখন মুক্তি দিয়া হ’ব। এনেদৰে ভাৰ্চুৱেলি মুক্তি দিয়া এইখনেই অসমীয়া প্ৰথমখন ছবি। গোৱাত অনুষ্ঠিত হোৱা ইণ্ডিয়া ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ ইণ্ডিয়ান পেন’ৰামাত প্রদর্শন হৈছিল। আৰু সেইসময়ত বিশ্বৰ ৰসিক মহলৰ মাজত দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়।স্বপ্না দত্তৰ এটা কবিতাৰ আলমত নির্মাণ হোৱা এই ছবিখনৰ মূল চৰিত্রত অভিনয় কৰিছে উদয়ন দুৱৰা আৰু প্রণামী বৰাই৷ চিত্রগ্রহণ কৰিছিল নগেন বৈশ্যই৷ ছবিখনৰ সম্পাদনা লগত জড়িত হৈ আছে প্রসিদ্ধ চিত্র সম্পাদক অসীম সিনহাই আৰু সংগীত পৰিচালনা লগত জৰিত আছে অমৃত প্রীতম৷ উল্লেখযোগ্য যে মাই চিনেমা হলে উত্তৰ পূব ভাৰতৰ চুটি ফিচাৰ ফ্লিমৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সম্প্ৰতি চিত্ৰগৃহ সমূহ বন্ধ হৈ আছে সেয়েহে ইণ্টাৰনেটৰ জৰিয়তে এনেদৰে ছবি মুক্তি দিয়াৰ পৰিকল্পনা চলিছে।
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল