আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰিক মহকুমা হিচাপে স্বীকৃতি দিবলৈ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে৷ উল্লেখযোগ্য যে, বিধায়ক জনে কালি আমগুৰিৰ বিষয়া সকল লগত লৈ আমগুৰি চিকিৎসালয় পৰিদৰ্শন কৰাৰ পাছত ক’ভিডৰ পৰিস্থিতি সম্পৰ্কে বুজ লয় আৰু নতুনকৈ ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ সম্পৰ্কত উপঅধীক্ষক সৈতে আলোচনাত মিলিত হয়৷ ইতিমধ্যে জিলা উপায়ুক্তৰ লগত আলোচনা কৰি আমগুৰিলৈ এখন এম্বুলেন্স আৰু বৃহৎ পৰিমানৰ ভেকচিন যোগান ধৰিবলৈ আহ্বান জনাইছে৷এই সম্পৰ্কত বিধায়ক গৰাকীয়ে কয় যে আমগুৰিবাসীৰ সপোনৰ সৌৰপ্ৰকল্পৰ কাম ইতিমধ্যে ষাঠি শতাংশ কাম হৈছে আৰু প্ৰায় ডেৰ মাহৰ ভিতৰত ইয়াৰ উৎপাদন আৰম্ভ হ’ব৷ লগতে কয় যে ঘৰে ঘৰে পানী যোগান আচঁনি, নাট্যমন্দিৰ আৰু ষ্টেডিয়াম সম্পূৰ্ণ কৰা, নামঘৰ সম্পূৰ্ণ কৰা আদিত অগ্ৰাধিকাৰ দিয়া হ’ব৷
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য