আজি বিধায়কৰূপে শপত গ্ৰহণ কৰিব শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। নিৰাপত্তা বেস্তনীৰ মাজত অসম বিধানসভালৈ আহিব সংগ্ৰামী নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈ ৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া ১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত আন নৱ নিৰ্বাচিত বিধায়কসকলৰ লগতে অখিল গগৈয়েও শপতগ্ৰহণ কৰিব ৷ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছে৷ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত NIAৰ গোচৰত এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে বিধায়ক অখিল গগৈ। কিন্তু স্বাস্থ্যজনিত কাৰণত অখিল গগৈ চিকিৎসাধীন হৈ আছে GMCHত। সেয়ে বিধায়ক হিচাপে শপতগ্ৰহণৰ সুবিধা কৰি দিবলৈ NIAৰ আদালতত অখিল গগৈৰ অধিবক্তাই জনাইছিল আবেদন ৷ সেই আবেদনৰ ভিত্তিত NIAৰ আদালতে অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অনুমতি দিছিল ৷ বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে আন আন বিধায়কসকলৰ লগতে অখিল গগৈকো বিধায়ক হিচাপে শপত গ্ৰহণ কৰাব ৷ শপত গ্ৰহণৰ পিছত অখিল গগৈ পুনৰ ঘূৰি যাব লাগিব কাৰাগাৰলৈ ৷
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি