টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হৈছে অসমৰ প্ৰথম গৰাকী মহিলা

0 381

অলিম্পিকৰ মঞ্চলৈ বাট মুকলি কৰিলে বক্সাৰ লাভলীনাই ।টকিঅ’ অলিম্পিকত অংশ ল’ব অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ ৰূপে। বিশ্ব ক্ৰম ৩ নং স্থানৰ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰাত উৎফুল্লিত হৈ পৰিছে ৰাজ্য লগতে জন্ম স্থান গোলাঘাট বাসীয়। ইতিমধ্যে লাভলীনাই ৬৯ কেজি শাখাত অলিম্পিকলৈ যোগ্যতা অর্জন কৰি অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ ৰূপে ইতিহাস ৰাখিবলৈ সক্ষম হৈছে।
গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়া গাঁৱৰ পৰা অলিম্পিকৰ মঞ্চলৈ বাট মুকলি কৰা লাভলীনাই ইতিমধ্যে বিশ্বৰ বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জ পদক লাভ কৰিছে।উল্লেখ্য যে ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ বাবে এবছৰ পিছুৱাই দিয়া টকিঅ’ অলিম্পিক আগন্তুক ২৩ জুলাই পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.