লখিমপুৰ জিলাৰ লখিমপুৰ উন্নয়ন খণ্ডৰৰ অন্তৰ্গত সদা ব্যস্ত কোঁৱৰ গাঁৱৰ মাধবৰাম পথটোৰ জৰাজীৰ্ণ দূৰৱস্থাই দীৰ্ঘদিন ধৰি অঞ্চলবাসী ৰাইজক অবৰ্ণনীয় যন্ত্ৰণা ভোগাই আহিছিল। এই দুৰৱস্থাৰ সন্দৰ্ভত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাক নিৰ্বাচনৰ সময়ত নাগৰিক সকলে অৱগত কৰি জৰুৰী কাৰ্য্যব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল। পৰৱৰ্তী সময়ত ডেকা বিধায়ক হিচাবে নিৰ্বাচিত হোৱাৰ পাছত ডেকাই প্ৰদান কৰা নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি শুক্ৰবাৰে পালন কৰে । বিধায়ক ডেকাই তৎপৰতাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত এক আঁচনি গ্ৰহণ কৰি শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে পথ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে। স্থানীয় ৰাইজ ,দলীয় নেতৃত্ব আৰু বিভাগীয় বিষয়াই অংশ গ্ৰহণ কৰা এই নিৰ্মান কাৰ্যৰ শুভাৰম্ভনিয়ে অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া জটিল সমস্যাৰ অৱসান ঘটালে বুলি কয় বিধায়ক ডেকাই । উল্লেখ্য যে এই পথটো এম জি এন ৰেগা আঁচনিৰ মুঠ ১৩ লাখ ১হাজাৰ ৬০২ টকা ব্যয়ৰে নিৰ্মান কৰা হব । বিধায়ক গৰাকীৰ এনে জন দায়বদ্ধশীল ভূমিকাক অঞ্চলবাসী ৰাইজে শলাগ লৈছে। বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি