যোৰহাট প্ৰেছ ক্লাৱত সোমবাৰে অনুষ্ঠিত এখন সভাত লক্ষীৰাম দুৱৰা দাসে লেখা ধৰ্মমূলক গ্ৰন্থ “মণি-কাঞ্চন সংযোগ” আৰু কিৰণ দাসে লেখা কবিতা পুথি “অনুভৱৰ দিগবলয়ত জোনাকৰ আভা” উন্মোচন কৰে ক্ৰমে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ইন্দ্ৰেশ্বৰ দাস আৰু যোৰহাট জিলা পৰিষদৰ উপ-সভানেত্ৰী বাসৱী কলিতা শইকীয়াই। জগন্নাথ অগ্নিবৰাই আঁত ধৰা সভাত পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া আৰু লেখকদ্বৰ লক্ষীৰাম দুৱৰা দাস, কিৰণ দাস (মনজিৎ)-তে বক্তব্য আগবঢ়ায়। কৈবৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ অসমৰ সৌজন্যত অনুষ্ঠিত সভাখনত পৰিবেশকৰ্মী সমীৰ ৰয়, সমাজকৰ্মী দূৰ্লভ দাস আৰু সোমেশ্বৰ দাস বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মানি কম সময়ৰ ভিতৰতে অনুষ্ঠিত সভাখনত নিৰ্দিষ্ট সংখ্যক লোকৰ লগতে ভালেকেইগৰাকী সংবাদকৰ্মী উপস্থিত থাকে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram